সাংবাদিক ৰঞ্জিত সিং হত্যাকাণ্ডৰ গোচৰত ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড, ৩১ লাখ টকাৰ জৰিমনা

বাওঁপিনে ৰাম ৰহিম,সোঁপিনে সাংবাদিক ৰঞ্জিত সিং

ডেৰা চাচা সৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক ৮ অক্টোৱৰত সাংবাদিক ৰঞ্জিত সিঙৰ হত্যাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।

পঞ্চকুলাৰ বিশেষ চিবিআই আদালতে গোচৰটোত আন চাৰিজনক দোষী সাব্যস্ত কৰিছিল।

আজি ৰাম ৰহিমৰ লগতে আন চাৰিজনক চিবিআইৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে।

ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ৩১ লাখ টকাৰ জৰিমনাও বিহা হৈছে।একেদৰে আন চাৰিজন ক্ৰমে জছবীৰ সিং, চাবদিল সিং, কৃষ্ণণ লাল আৰু অৱতাৰ সিঙক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হৈছে।

এই জৰিমনাৰ ধনৰ আধা অংশ নিহত সাংবাদিক ৰঞ্জিত সিঙৰ পৰিয়ালক আদায় দিবলৈ আদালতে নিৰ্দেশ দিয়ে।

পঞ্চকুলাৰ বিশেষ ন্যায়াধীশ ড০ সুশীল কুমাৰ গাৰ্গে আদালতত গুৰমিত ৰাম ৰহিম সিং, জছবীৰ সিং, চাবদিল সিং, কৃষ্ণণ লাল আৰু অৱতাৰ সিঙক ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা)ধাৰা আৰু ১২০ খ (অপৰাধমূলক ষড়যন্ত্ৰ)ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল।

কৃষ্ণ লাল, ইন্দৰ চাইন আৰু জছবীৰ সিঙক অস্ত্ৰ আইনৰ অধীনতো দোষী সাব্যস্ত কৰা হৈছে।

চিবিআইৰ অভিযোগনামা অনুসৰি, ডেৰা প্ৰধানে সাংবাদিক ৰঞ্জিত সিঙে ডেৰা প্ৰধানৰ বিৰুদ্ধে আশ্ৰমৰ ভিতৰত মহিলা শিষ্যসকলক যৌন শোষণ কৰা বুলি সংবাদ পৰিবেশন কৰিছিল। ইয়াৰ পিছতে ২০০২ চনত সাংবাদিক ৰঞ্জিত সিঙক হত্যা কৰা হৈছিল।

স্মৰ্তব্য যে ৰঞ্জিত সিঙক ২০০২ চনৰ ১০ জুলাইত হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ থানেচাৰ আৰক্ষী থানাৰ অধিকাৰ ক্ষেত্ৰত হত্যা কৰা হৈছিল।

থানেছাৰ আৰক্ষী থানাত হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। ২০০৩ চনৰ ১০ নৱেম্বৰত উচ্চ ন্যায়ালয়ে গোচৰটোৰ চিবিআইক তদন্তৰ নিৰ্দেশ দিছিল।