‘ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বাবে পৰাজিত হ’ল কংগ্ৰেছ’— জিতেন্দ্ৰ সিঙ

অসমত থাকিয়ে দলৰ হৈ কাম কৰি যাব কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে

index.jpg

সোমবাৰে হোটেল গেটৱে গ্ৰেণ্ডত এক সংবাদমেল কৰি কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ পৰাজয়ৰ পাছতো অসমত থাকিয়ে দলৰ হৈ কাম কৰি যাব বুলি সদৰী কৰে।

আনহাতে সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত সিঙে সংবাদমেলত কয় “ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বাবে পৰাজিত হ’ল কংগ্ৰেছ। ইতিমধ্যে বিজেপি চৰকাৰেও উল্লেখ কৰিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল তেওঁলোকৰে B Team আৰু এইকেইটা দল গঠন কৰা মূল উদ্দেশ্যয়ে হৈছে ভোটৰ বিভাজন।”

ক’ৰ’না ত্ৰাসৰ বাবে যেনেধৰণে সমগ্ৰ দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বাবে কংগ্ৰেছ মহাজোঁটে এক কমিটি গঠন কৰিব বুলি তেওঁ সদৰী কৰে।

ইয়াৰ সহায়ত সমগ্ৰ দেশত য’ত অসমবাসী ৰাইজে ক’ৰ’না ত্ৰাসৰ সৈতে যুঁজি আছে আৰু বাহিৰৰ কোনো হস্পিতালত বিচনা পোৱা নাই তেনেবোৰ মানুহৰ এখন লিষ্ট উলিয়াই তেওঁলোকে চৰকাৰৰ সহযোগত ৰোগীসকলক সহায় কৰিবলৈ সাজু বুলিও দাবী কৰে।

আনহাতে তেওঁলোকে পুনৰ উল্লেখ কৰে যে চৰকাৰে কৰিব খোজা ভাল কামত তেওঁলোকে চৰকাৰৰ লগত মিলি চৰকাৰৰ সহায় কৰিব কিন্তু যদি সেই নীতি নিয়ম যদি অসমবাসী ৰাইজৰ বাবে সুৰক্ষিত নহয় তেনেহলে বিৰোধী দল হিচাপে তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলিও সদৰী কৰে।