• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুৰ নাও দুৰ্ঘটনাৰ বুধবাৰৰ মাজ নিশালৈকে শেহতীয়া খবৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 11:23 pm
Boat accident
146
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বুধবাৰে সংঘটিত নাও দুৰ্ঘটনাত পতিত মুঠ ৪০ জনৰ ভিতৰত ৰাতিলৈকে ১৮ জন যাত্ৰীক উদ্ধাৰ হৈছে।

আৰক্ষীয়ে ইতিমধ্যে আজি দুৰ্ঘটনাত পতিত ভটভটী নাওখনৰ চালক নুৰুদ্দিন আলী আৰু হালিম আলীক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আজিৰ দুৰ্ঘটনাত পতিত যাত্ৰী সকলৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা যাত্ৰী সকলৰ নাম ক্ৰমে ৰাজেশ সাহা, পীয়ূষী সাহা, ৰিংকী সাহা, নুৰু উদ্দিন, জিতুমণি দাস, মিনাক্ষী দাস, লোকনাথ বৰ্মন, উত্‍পল চমুৱা, মৃদুল গোস্বামী, সন্তোষ তিৱাৰী, চাব্বিৰ আলী, চাফেদ আলী, মৃদুল আলী, ছাহিৰুল আলী, ফুলচান্দ আলী, নজৰুল আলী, বাহাৰুল আলী, জিণ্টু আলী, মিণ্টু আলী, হীনা বৰা, জয়নাল আলী আৰু মৃণাল আলী বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাত পতিত নাওখনৰ ভগ্নাৱশেষ কামৰূপৰ শ্ৰীহাটত উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হৈছে।

মন কৰিব লগীয়া যে নাও দুৰ্ঘটনাৰ পিছতে জিলা প্রশাসনে গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ ভটভটীৰ চলাচল বন্ধ ৰখাৰ নিৰ্দেশ দিছে। লগতে জিলা প্ৰশাসনে সন্ধানহীন যাত্ৰী সকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ দিখৌ নৈত দুৰ্ঘটনাত পতিত হৈ একেটা পৰিয়ালৰে পাঁচজনকৈ সদস্য নিহত হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি পুনৰ উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰত এখন যাত্ৰীবাহী যন্ত্ৰচালিত নাও দুৰ্ঘটনাত পতিত হয়।

যন্ত্ৰচালিত নাওখন অশ্বক্লান্ত মন্দিৰৰ সমীপত জাইকাৰ প্ৰকল্পত খুন্দা খাই দুৰ্ঘটনাত পতিত হৈছিল। নাওখনত কটন কলেজ আৰু সন্দিকৈ কলেজৰ বহু ছাত্ৰী থকাৰ লগতে বহু পুৰুষ-মহিলাকে ধৰি প্ৰায় ৪০ জন যাত্ৰী আছিল।

ইফালে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ পিছতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই দুগৰাকী ছাত্ৰী আৰু এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল।

ছাত্ৰী দুগৰাকীৰে অংকিতা বৰুৱা কটন কলেজৰ অংকিতা বৰুৱা(১৭), কটন কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰী আৰু আনগৰাকী ছাত্ৰীও কটন কলেজৰে ডিম্পী দাস বুলি জানিব পৰা গৈছে।

তাৰোপৰি শেহতীয়াকৈ জিলা প্ৰশাসনে ০৩৬১-২৭৩৩০৫৩ আৰু ০৩৬১-২৬৮৪৪০৭ নম্বৰৰ দুটাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তাৎক্ষণিক অনুসন্ধাৰ বাবে নিৰ্দেশ দিছে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd