কাইলৈৰ পৰা গুৱাহাটী গ্ৰন্থমেলা : ড০ নগেন শইকীয়াক প্ৰদান কৰা হ’ব জীৱনজোৰা সাধনা বঁটা

Nagen_Saikia

অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ'ব বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াক।

গুৱাহাটীৰ চান্দমাৰী স্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অসম প্ৰকাশন পৰিষদে অহা ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ৩২ তম গুৱাহাটী গ্ৰন্থ মেলাৰ আয়োজন কৰিছে। ২২ ডিচেম্বৰৰ গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰিব অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই কথা ঘোষণা কৰিছে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চালিহাই।

গুৱাহাটী বামুনিমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত বৃহস্পতিবাৰে আয়োজিত এক সংবাদ মেলত ভাগ লৈ উপাধ্যক্ষ গৰাকীয়ে কয় যে, ২২ ডিচেম্বৰৰ উদ্বোধনী অনুষ্ঠানত ২০১৮’ বৰ্ষৰ অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াক প্ৰদান কৰা হ’ব।

ড০ শইকীয়াক এই বঁটা প্ৰদান কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই বঁটাত নগদ দুই লাখ টকাৰ চেক, এখন স্মাৰক, এটি কিতাপৰ টোপোলা, এখন অংগবস্ত্ৰ আৰু এখন মানপত্ৰ থাকিব।

বৃহস্পতিবাৰৰ সংবাদ মেলত অসম প্ৰকাশন পৰিসদৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে যে অসমত সংস্কৃত চৰ্চাৰ ঐতিহ্য এইবাৰৰ গ্ৰন্থ মেলাৰ মূল বিষয়বস্তু হ’ব। তদুপৰি, চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই  গ্ৰন্থমেলাত গুৱাহাটীৰ সকলোবোৰ প্ৰকাশনেই সহযোগ আগবঢ়াইছে।

আনহাতে, গ্ৰন্থমেলাৰ প্ৰথম দিনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে বাংলাদেশৰ উচ্চাযুক্ত  চৈয়দ মোৱাজ্জীম আলি উপস্থিত থাকিব। সচিবগৰাকীয়ে জানিবলৈ দিয়া মতে এইবাৰৰ গুৱাহাটী গ্ৰন্থমেলাত সৰ্বাধিক ১০খন বাংলাদেশৰ গ্ৰন্থ বিপনী থাকিব। তদুপৰি, অসমৰ ৯২ খন, দিল্লীৰ ৯খন, কলকাতাৰ ১০খন, ঝাৰখণ্ডৰ ১ খন বিপনী থাকিব।

ইপিনে, ২৬ ডিচেম্বৰৰ দিনটোত গ্ৰন্থমেলাত তিৱা দিৱসৰ আয়োজন কৰিছে। এইবাৰৰ গ্ৰন্থমেলাত ২৪ খন পুনৰ মুদ্ৰিত গ্ৰন্থ আৰু নতুন ১২ খন গ্ৰন্থ উন্মোচন হ’ব। এইবাৰৰ গ্ৰন্থমেলাত ৪১ বছৰ পিছত আধুনিক অসমীয়া অভিধানৰ পুনৰ সংস্কৰণ প্ৰকাশ পাব।