শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে গোচৰ: কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

Siddhartha-Bhatta

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ফাইল ফটো।

শিক্ষা ও গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ উলুবাৰীৰ বৰা চাৰ্ভিছস্থিত বাসগৃহৰ প্ৰৱেশ দুৱাৰত তলা ওলোমাই দিয়াৰ বিৰুদ্ধে উক্ত চৌহদতে থকা সাগৰ বীজ কমপ্লেক্স কৰ্তৃপক্ষই শুকুৰবাৰে পল্টনবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ গোচৰ ৰুজুৰ পিছত মন্ত্ৰীৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়৷

মন্ত্ৰী সিদ্ধাৰ্থক লগত হোৱা চুক্তি অনুসৰি সাগৰ বীজ কমপ্লেক্স নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে তেওঁৰ বাসগৃহৰ পথটো ব্যৱহাৰ কৰিব পাৰিব বুলি জানিবলৈ পৰা গৈছে যদিও মন্ত্ৰীগৰাকীয়ে হঠাৎ পথটি বন্ধ কৰি দিয়াত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকল বিপদত পৰে।

মন্ত্ৰীগৰাকী এই বিতৰ্কত সোমাই পৰাৰ পাছতেই তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল কংগ্ৰেছৰ নেতৃবৰ্গ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ভূপেন বৰাই।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘সিদ্ধাৰ্থ ভট্টাচাৰ্য্য নিজেও এজন আইনজ্ঞ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী। তেওঁৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হোৱাটোৱে প্ৰভাৱশালী লোকে ইচ্ছা অনুসৰি আইনত চলিব বিচাৰে এনে এটা ধাৰণা ৰাইজৰ মনত গৈছে। পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ উচিত তদন্ত হ’ব লাগে।‘

আনহাতে, ৰূপজ্যোতি শইকীয়ায়ো শিক্ষা মন্ত্ৰীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয় ‘চমুকৈ ক’ব গ’লে বিজেপিৰ মন্ত্ৰীসভাত আটাইতকৈ অভদ্ৰ মন্ত্ৰী তেঁৱেই আছে। বিজেপিয়ে ভোট বিভাজন কৰাৰ বাবে বহুত টকা-পইচা খৰচ কৰিলে। অৰ্থাৎ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকল ইতিমধ্যে অৱগত হৈছে ২০২১ত তেওঁলোক জিকিব নোৱাৰে। সেইকাৰণে এতিয়াই মন্ত্ৰিত্বত থাকোঁতেই মাটি-বাৰী ধন-সম্পত্তি বাজেয়াপ্ত কৰিছে, এতিয়া সেইবোৰ ওলাই পৰিছে।‘

‘মাটিৰ দালালি কৰা বা ধন-সম্পত্তি গোটোৱা এনেকুৱা আৰু বহু ব্যক্তি চকুত পৰিব বুলি দৃঢ় বিশ্বাস। এতিয়াই তেওঁলোকৰ পৰিয়ালৰ মাজতে চাকৰি দি লুটি-পুটি খাই লওঁ বুলি ভাবিছে।‘ কুৰ্মীয়ে এইদৰে কয়।

ইয়াৰোপৰি, প্ৰাক্তন কংগ্ৰেছী বিধায়ক ভূপেন বৰাই মন্ত্ৰীগৰাকীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত কয় ‘কেৱল শিক্ষা মন্ত্ৰীয়েই নহয়, অসমৰ কেইবাজনো মন্ত্ৰী ক্ষমতাৰ ৰাগীত মতলীয়া হৈছে। এইক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ মৌনতা সকলোৰে বাবে আশ্চৰ্য্যৰ বিষয়। শিক্ষা বিভাগৰ বিষয়া তথা শিক্ষক সন্থাৰ পৰা গম পাইছো তেওঁ এজন মন্ত্ৰী নহয়, এজন ব্যৱসায়ী। তেনেকুৱা ব্যৱসায়ী এজন শিক্ষা মন্ত্ৰী হৈ থকাটো অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্যজনক।‘

আনহাতে, মন্ত্ৰীগৰাকীৰ ওপৰত উত্থাপিত এই অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে নিজেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

‘মন্ত্ৰী হোৱাৰ বিড়ম্বনা এইটোৱেই যে মন্ত্ৰী এজনৰ নিজৰ সম্পত্তিৰ ওপৰতো অধিকাৰ নাথাকে। সেয়া মোৰ ম্যাদী মাটি, মোৰ ঘৰৰ চোতালেদি মই কাৰোবাক আহিবলৈ দিওঁ নিদিওঁ, সেইটো সম্পূৰ্ণ ব্যক্তিগত অধিকাৰ। মোৰ ঘৰৰ পিছফালে স্বৰ্গীয় চিদা দাসৰ পৰিয়ালৰ পৰা মাটি এটুকুৰা কিনিছিল, সেই মাটি টুকুৰালৈ অহা-যোৱা কৰিবলৈ তেওঁলোকৰ কোনো ৰাস্তা নাছিল। কৈছিল যেতিয়ালৈকে আমি অন্য এটা ৰাস্তা মোকলাই ল’ব নোৱাৰো, তেতিয়ালৈকে আমাক এইফালে ৰাস্তা এটা মোকলাই দিয়ক। ময়ো সাময়িকভাৱে এইফালে অহা-যোৱা কৰিলে অসুবিধা নাই বুলি ক’লো। কিন্তু এতিয়া গোজেই গছ হোৱাৰ লেখীয়াকৈ ৰাতি ১১-১২ টালৈকে মদ্য পান কৰি থাকে। তেওঁৰ সেই বিল্ডিঙত একোৱেই নাই। তেওঁ নেডফিৰ পৰা ২০০ কোটি টকা ঋণ লৈ সেই ঋণ আত্মসাৎ কৰাৰ কাৰণে তেওঁলোকৰ কমপ্লেক্সত তলা ওলমাই দিছে।‘

তেওঁ লগতে কয় ‘যদি মই চুক্তি কৰিছিলো, তেন্তে এখন কাগজ তেওঁলোকে দেখুৱাওক।‘