NORTHEAST NOW (Assamese)

গুৱাহাটীত বন্ধ হোৱাৰ পথত অ’লা-উবেৰৰ কেব ! বিকল্প কি হ’ব?

October 10, 2018 8:35 pm · এন ই নাও নিউজ
Updated: October 10, 2018 8:38 pm
প্রতিনিধিত্বমূলক ছবি

অহা ১৪ অক্তোবৰৰ পৰা গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা নাযাব অ’লা-উবেৰ কেব। চালকক শোষণ কৰি অহা বিতৰ্কৰ শীৰ্ষত থকা প্ৰতিষ্ঠান দুটাৰ পৰা আঁতৰি আহিব তাত কৰ্মৰত অধিকাংশ কেব চালক।

বুধবাৰে দিচপুৰ প্ৰেচ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত গুৱাহাটী কেব ড্ৰাইভাৰ য়ুনিয়নে এই কথা সদৰী কৰি কয় যে অহা ১৪ অক্তোবৰত গুৱাহাটীৰ প্ৰায় তিনি হাজাৰ কেব চালকে অ’লা-উবেৰ ত্যাগ কৰিব।

উল্লেখযোগ্য যে প্ৰায়ে বিতৰ্কৰ শীৰ্ষত থকা যে উক্ত প্ৰতিষ্ঠান দুটাই চালকৰ ওপৰত চলাই অহা শোষণৰ ফলত তাত কৰ্মৰত চালকে আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল।

এই সম্পৰ্কে আজিৰ সংবাদমেলত অল গুৱাহাটী কেব ড্ৰাইভাৰ য়ুনিয়নৰ সভাপতি ইব্ৰাহিম আলীয়ে কয়, ‘অ’লা-উবেৰ বণিকগোষ্ঠীক আমি বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অহা ১৪ অক্তোবৰৰ পাছত গুৱাহাটীত আৰু অ’লা উবেৰ নাপাব। এই বনিক গোষ্ঠী দুটাই আমাক শোষণ কৰি আছে গতিকে আমি এই কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’।

অল গুৱাহাটী কেব ড্ৰাইভাৰ য়ুনিয়নৰ সংবাদমেল

তেওঁ লগতে অ’লা উবেৰৰ বিকল্প চিন্তা কৰিবলৈ গুৱাহাটীবাসী ৰাইজলৈ আহ্বান জনায়। কিন্তু যাত্ৰীৰ বাবে বিকল্প কি হ’ব?

অ’লা-উবেৰৰ অধীনত বাহন চলাই থকা চালকসকলে ইতিমধ্যে আন এক অনলাইন কেব সেৱাৰ সৈতে চুক্তিবদ্ধ হৈছে। অহা ১৫ অক্তোবৰৰ পৰা সেই সেৱাত গুৱাহাটীৰ ৰাইজে লাভ কৰিব কেবৰ সুবিধা।

অৱশ্যে অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে আজি পোনপটীয়াকৈ কোনটো কেব সেৱাৰ অন্তৰ্ভূক্ত হ’ব সেই কথা স্পষ্ট নকৰিলেও সেয়া ‘লা কেব’ বুলি জানিব পৰা গৈছে।

সঞ্জীৱ দৈমাৰী নামৰ এগৰাকী উদ্যোগী যুৱকৰ প্ৰচেষ্টাত আৰম্ভ হোৱাৰ পথত আছে এই ‘লা কেব’। চিংগাপুৰৰ এটা পৰিবহণ সেৱাৰ আধাৰতে দৈমাৰীয়ে থলুৱাভাৱে উপযোগী হোৱাকৈ এই নতুন সেৱাৰ আৰম্ভণী কৰিবলৈ আগবাঢ়িছে। অহা ১৫ অক্তোবৰৰ পৰাই গুৱাহাটীৰ পথত চলিব ‘লা কেব’।

ইপিনে, অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে অ’লা-উবেৰৰ লগত থাকি পোৱা তিক্ততাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে নতুনকৈ অন্তৰ্ভূক্ত হোৱা প্ৰতিস্থানটোৱে যাতে তেওঁলোকক ঠগিব নোৱাৰে তাৰ বাবে চুক্তি কৰি লোৱা বুলিও জানিবলৈ দিয়ে।

Related News