• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটীত বন্ধ হোৱাৰ পথত অ’লা-উবেৰৰ কেব ! বিকল্প কি হ’ব?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2018 8:38 pm

2 min read

Uber-Ola

প্রতিনিধিত্বমূলক ছবি

348
VIEWS
Share on FacebookShare on Twitter

অহা ১৪ অক্তোবৰৰ পৰা গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা নাযাব অ’লা-উবেৰ কেব। চালকক শোষণ কৰি অহা বিতৰ্কৰ শীৰ্ষত থকা প্ৰতিষ্ঠান দুটাৰ পৰা আঁতৰি আহিব তাত কৰ্মৰত অধিকাংশ কেব চালক।

বুধবাৰে দিচপুৰ প্ৰেচ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত গুৱাহাটী কেব ড্ৰাইভাৰ য়ুনিয়নে এই কথা সদৰী কৰি কয় যে অহা ১৪ অক্তোবৰত গুৱাহাটীৰ প্ৰায় তিনি হাজাৰ কেব চালকে অ’লা-উবেৰ ত্যাগ কৰিব।

উল্লেখযোগ্য যে প্ৰায়ে বিতৰ্কৰ শীৰ্ষত থকা যে উক্ত প্ৰতিষ্ঠান দুটাই চালকৰ ওপৰত চলাই অহা শোষণৰ ফলত তাত কৰ্মৰত চালকে আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছিল।

এই সম্পৰ্কে আজিৰ সংবাদমেলত অল গুৱাহাটী কেব ড্ৰাইভাৰ য়ুনিয়নৰ সভাপতি ইব্ৰাহিম আলীয়ে কয়, ‘অ’লা-উবেৰ বণিকগোষ্ঠীক আমি বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অহা ১৪ অক্তোবৰৰ পাছত গুৱাহাটীত আৰু অ’লা উবেৰ নাপাব। এই বনিক গোষ্ঠী দুটাই আমাক শোষণ কৰি আছে গতিকে আমি এই কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’।

অল গুৱাহাটী কেব ড্ৰাইভাৰ য়ুনিয়নৰ সংবাদমেল

তেওঁ লগতে অ’লা উবেৰৰ বিকল্প চিন্তা কৰিবলৈ গুৱাহাটীবাসী ৰাইজলৈ আহ্বান জনায়। কিন্তু যাত্ৰীৰ বাবে বিকল্প কি হ’ব?

অ’লা-উবেৰৰ অধীনত বাহন চলাই থকা চালকসকলে ইতিমধ্যে আন এক অনলাইন কেব সেৱাৰ সৈতে চুক্তিবদ্ধ হৈছে। অহা ১৫ অক্তোবৰৰ পৰা সেই সেৱাত গুৱাহাটীৰ ৰাইজে লাভ কৰিব কেবৰ সুবিধা।

অৱশ্যে অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে আজি পোনপটীয়াকৈ কোনটো কেব সেৱাৰ অন্তৰ্ভূক্ত হ’ব সেই কথা স্পষ্ট নকৰিলেও সেয়া ‘লা কেব’ বুলি জানিব পৰা গৈছে।

সঞ্জীৱ দৈমাৰী নামৰ এগৰাকী উদ্যোগী যুৱকৰ প্ৰচেষ্টাত আৰম্ভ হোৱাৰ পথত আছে এই ‘লা কেব’। চিংগাপুৰৰ এটা পৰিবহণ সেৱাৰ আধাৰতে দৈমাৰীয়ে থলুৱাভাৱে উপযোগী হোৱাকৈ এই নতুন সেৱাৰ আৰম্ভণী কৰিবলৈ আগবাঢ়িছে। অহা ১৫ অক্তোবৰৰ পৰাই গুৱাহাটীৰ পথত চলিব ‘লা কেব’।

ইপিনে, অল গুৱাহাটী কেব ড্ৰাইভাৰ ইউনিয়নে অ’লা-উবেৰৰ লগত থাকি পোৱা তিক্ততাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে নতুনকৈ অন্তৰ্ভূক্ত হোৱা প্ৰতিস্থানটোৱে যাতে তেওঁলোকক ঠগিব নোৱাৰে তাৰ বাবে চুক্তি কৰি লোৱা বুলিও জানিবলৈ দিয়ে।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd