• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ষাপাৰাত গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা (জুনিয়ৰ আৰু মহিলা) অনুষ্ঠিত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 14, 2022 5:16 pm
বৰ্ষাপাৰাত গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা (জুনিয়ৰ আৰু মহিলা) অনুষ্ঠিত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা খন গুৱাহাটীৰ বৰ্ষাপাৰাত অৱস্থিত চাউথ পইণ্ট স্কুলত অনুষ্ঠিত হৈ যায়। গুৱাহাটী দবা সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতা খনৰ পৰাই যোৰহাটত অনুষ্ঠিত হব লগা সদৌ অসম আন্ত:জিলা জুনিয়ৰ আৰু মহিলা শাখাত গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰিব লগীয়া খেলুৱৈসকলক বাছনি কৰা হৈছে।

প্ৰতিযোগিতা খন অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১ বছৰ, অনুৰ্দ্ধ ১৩ বছৰ, অনুৰ্দ্ধ ১৫ বছৰ লৰা আৰু ছোৱালী উভয় শাখাত আৰু মহিলাৰ শাখাত অনুষ্ঠিত হৈছিল।
অনুৰ্দ্ধ ৭বছৰ লৰা শাখাত প্ৰাচুৰ্য্য চাংমাই ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। পাৰ্থিৱ শংকৰছানাই ২পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।

অনুৰ্দ্ধ ৭বছৰ ছোৱালী শাখাত ধান্যতা গোস্বামীয়ে ৪পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। আব্ৰি নাইলা বৰাই ২পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। আৰ্য়্য জৈন আৰু শ্বানায়া ভৌমিকে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।
অনুৰ্দ্ধ ৯ বছৰ ল’ৰা শাখাত, আৰোহনে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। কৃষ্ণাভ মৃণ্ময় হাজৰিকাই এইটো শাখাত ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। ৰজত বাফনা আৰু নীহাৰ দাসে ক্ৰমে ৩ পইণ্ট আৰু ২.৫ পইণ্টকৈ সংগ্ৰহ কৰি তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে।

অনুৰ্দ্ধ ৯ বছৰ ছোৱালী শাখাত ৰিতিশা মাইৰা ৰাজবংসীয়ে ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। সৃষ্টি ৰূপা ৰয় আৰু আয়ুস্মিতা পল উভয়ে ৩পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১১বছৰ ল’ৰা শাখাত তন্ময় ৰাজবংসীয়ে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। জগজিত সিনহাই ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। জয়ৰাজ বৰ্মন আৰু এমিল বৰগোহাঞিয়ে ৩পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।

অনুৰ্দ্ধ ১১ বছৰ ছোৱালী শাখাত তমন্না শৰ্ম্মাই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। হৃদিকা দাসে ২পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১৩ বছৰ ল’ৰা শাখাত হিমানীশ শৰ্ম্মাই ৪পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। শুভাঙ্গ প্ৰান কাশ্যপে ৩.৫পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। প্ৰিয়ানুজ দাসে ৩পইণ্ট লাভ কৰি তৃতীয় স্থান আৰু সুহান পতিয়ে ১.৫পইণ্টেৰে চতুৰ্থ স্থান লাভ কৰে।

অনুৰ্দ্ধ ১৩ বছৰ ছোৱালী শাখাত আফশ্বীন আফশ্বা জামানে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। ইক্ষিতা বৰ্মনে ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান আৰু ডেইজী দত্তই ৩পইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১৫ বছৰ শাখাত শুভম ভট্টাচাৰ্যই ৩.৫ পইণ্টেৰে প্ৰথম স্থান অধিকাৰ কৰে। নলীনাক্ষ কাশ্যপে ২.৫পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে।

মহিলা শাখাত ৰিচা বুজৰ বৰুৱাই ২.৫ অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে। শিৱাঙ্গী প্ৰিয়া কাশ্যপেও ২.৫ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। শিখামনি কলিতা আৰু স্তুতি শৰ্ম্মাই ২পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।

প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিঅনুষ্ঠিত হৈছিল । সৰ্ব্বমূঠ ৪৩ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ পৰাই যোৰহাটত অনুষ্ঠিত হব লগা সদৌ অসম আন্ত: জিলা দবা প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু মহিলাৰ শাখাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিব লগা খেলুৱৈ সমূহ বাছনি কৰা হৈছে।

প্ৰতিযোগিতা খন ফিডে আৰ্বিটাৰ চেলিনা মাচুমে মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। চিৰৰঞ্জন ভূঞা আৰু প্ৰয়াগ হাজৰিকাই ডেপুটি আৰ্বিটাৰ হিচাপে তেওঁক সহযোগ কৰিছিল। গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথ প্ৰতিযোগিতাৰ পৰিচালক আছিল।

 চাউথ পইণ্ট স্কুলত প্ৰতিযোগিতাৰ বঁটাবিতৰণী সভাপতি অনুষ্ঠিত হয়। প্ৰণৱ কুমাৰ নাথ, সাধাৰণ সম্পাদক, গুৱাহাটী দবা সন্থা সভা খনৰ আঁত ধৰে। সভাত ইশা গাঙ্গৱাল অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী দবা সন্থাৰ কোষাধ্যক্ষ কুশল বাগাড়ীয়া, যুটীয়া সম্পাদক চিৰৰঞ্জন ভূঞাও সভাত উপস্থিত থাকে। প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ ইশা গাঙ্গৱাল, সভাপতি, জে চি আই, গুৱাহাটী হুনাৰ, ৰাজেশ গাঙ্গৱাল, চেলীনা মাচুম, প্ৰয়াগ হাজৰিকা, চিৰৰঞ্জন ভূঞা আৰু প্ৰশিক্ষক হোমেন ৰাভাই বিতৰণ কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

August 25, 2025 11:45 am
গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

ভাৰতলৈ আহি আছে দুভৰিৰ যাদুকৰ : নৱেম্বৰ মাহত কেৰালাত প্ৰীতি মেচ খেলিব লিয়নেল মেছিয়ে

August 25, 2025 1:34 pm
চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

চৈয়দা হামিদৰ বিতৰ্কিত বক্তব্যৰ লগত আমাৰ সম্পৰ্ক নাই : অসম নাগৰিক সন্মিলনৰ স্পষ্টীকৰণ

August 25, 2025 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd