দেশত এতিয়া নিৰ্বাচনৰ লগতে আই পি এলৰ বতৰ, ভোটাৰ ৰাইজ আৰু ক্ৰিকেটপ্ৰেমীসকলৰ মাজত অনবদ্য উল্লাসৰ বন্যা। তাৰ মাজতে ৰাজ্যত এতিয়া আই পি এলক কেন্দ্ৰ কৰি চলিছে জুৱাৰ ৰমৰমীয়া বেহা।
মহানগৰীৰ শান্তিপুৰৰ প্ৰফেচৰ কলনিৰ পৰা আজি বিয়লি ডেৰ বজাত ভৰলু আৰক্ষীয়ে অভিযান চলাই আটক কৰে সুভম বৈদ্য(২৩) নামৰ এজন আই পি এলৰ বুকীক।
উল্লেখযোগ্য যে, ভৰলু আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বিয়লি প্ৰায় ১ বজাত অঞ্চলটোত অভিযান চলাই আটক কৰে জুৱাৰীটোক। তালাচীত জুৱাৰীটোৰ পৰা ৪৫ হাজাৰ টকা, দুখন পাচবুক, দুখন এ টি এম, ৫ টা মোবাইল ফোন, আই পিএ লৰ সৈতে সংগতি থকা কিছুমান নথি-পত্ৰ জব্দ কৰে ভৰলুমুখ আৰক্ষীয়ে।
আটকাধীন যুৱকজন বৰ্তমান সোধ-পোচৰ বাবে আৰক্ষী জিম্মাতে আছে। ভৰলুমুখ আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওৰ মহানগৰ সংবাদ দাতাক জনোৱা অনুসৰি কাইলৈহ যুৱকজনক আদালতত হাজিৰ কৰোৱা হ’ব। আৰক্ষীয়ে এনে ধৰণৰ কাৰ্য্যৰ লগত আৰু অধিক জুৱাৰীৰ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।
লক্ষণীয়ভাৱে, বৰ্তমানলৈকে ভৰলু আৰক্ষীয়ে ধৃত জুৱাৰীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাই।ভৰলুমুখ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত চমুৱাই নৰ্থ ইষ্ট নাওৰ আগত বৰ্তমানেও তেওঁলোকে এফ আই আৰ লিখি থকা বুলিহে উল্লেখ কৰে।
উল্লেখযোগ্য যে, সোমবাৰে আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ পৰা এজন আই পি এলৰ বুকীক ধন আৰু আপত্তিজনক সামগ্ৰীৰ সৈতে আটক কৰিছিল।