NORTHEAST NOW (Assamese)

২০ ছহিদলৈ সন্মান : গুৱাহাটীস্থিত শ্ব’ৰুমে বিক্ৰী বন্ধ কৰিলে চীনত উৎপাদিত সামগ্ৰী

June 20, 2020 7:28 pm · এন ই নাও নিউজ
Updated: June 20, 2020 7:43 pm

লাডাখৰ ভাৰত-চীন সীমান্তাৰ গালৱান উপত্যকাত চীনা সৈন্যই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছতে সমগ্ৰ দেশতে চীনা সামগ্ৰী বৰ্জনৰ এক ধুম উঠিছে।

আনকি দেশৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানেও চীনত উৎপাদিত তথা চীনা সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ বাবে সাজু হৈ উঠিছে।

তেনে সময়তে গুৱাহাটীস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানেও চীনত উৎপাদিত আৰু চীনা সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

গুৱাহাটীৰ উলুবাৰীস্থিত নেক্সট ইলেক্ট্ৰিনকছএ গালৱান উপত্যকাত নিহত ভাৰতীয় সেনাৰ বীৰ ছহিদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি চীনত উৎপাদিত তথা সকলোধৰণৰ চীনা সামগ্ৰী বিক্ৰীৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী অভিষেক ছ’নীয়ে কয় যে, চীনত উৎপাদিত সকলো ধৰণৰ সামগ্ৰী তেওঁলোকে এতিয়াৰ পৰা আৰু বিক্ৰী নকৰে।

ব্যৱসায়িক প্ৰতিষ্ঠানখনে মোবাইল ফোন, এল ই ডি টিভি, ৰিফ্ৰিজেৰেটৰ, ৱাশ্বিং মেচিন আদি সকলোধৰণৰ চীনা সামগ্ৰীকে ইতিমধ্যে ঘূৰাই পঠোৱা বুলি স্বত্বাধিকাৰী গৰাকীয়ে জনাইছে।

“আমি নিজকে সলনি কৰিব লাগিব। যদি আমি নিজকে এতিয়াই সলনি কৰিব পাৰো, তেনে অহা তিনি-চাৰি বছৰত ডাঙৰ পৰিৱৰ্তন এটা কৰিব পাৰিম। আমি ভাৰতীয় সামগ্ৰীসমূহক বিক্ৰী কৰিব লাগিব।” ছ’নীয়ে কয়।

ইফালে, অসম ছেম্বাৰ্ছ অৱ কমাৰ্চএ ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানকে চীনৰ সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে।

Related News