প্ৰাণময় ৰাজগুৰু আলোচনাৰত নে আলফা (স্বাধীন) পন্থী?

Guwahati grenade blast: Pranmay Rajguru pro-talk ULFA or ULFA-I?

আলফাৰ কাকপথাৰ কেম্প? প্ৰাণময় ৰাজগুৰুৱে ফে’চবুকত ৰাজহুৱা কৰি ৰখা ছবি।

গুৱাহাটীত বুধবাৰৰ বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে আটক কৰা প্ৰাণময় ৰাজগুৰু আলোচনাৰত আলফা নে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন) পন্থী?

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু আলফা (স্বাঃ) সেনাপ্ৰধান বৰুৱাৰ ভাষ্যৰ বিপৰীতে আলোচনাৰত আলফা নেতাসকলৰ মন্তব্যই সৃষ্টি কৰিছে এই প্ৰশ্নৰ।

বৰুৱাই ঘটনাৰ পিছতে দায়িত্ব স্বীকাৰ কৰাৰ বিপৰীতে ৰাজগুৰু আলফাৰ “জ্যেষ্ঠ নেতা” আৰু বিস্ফোৰণৰ সৈতে জৰিত বুলি দাবী কৰিছে আৰক্ষী আয়ুক্তই।

ঘটনাটোৰ সকলো আঁতি-গুৰি আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰা বুলি দাবী কৰি আয়ুক্তই কৈছে ৰাজগুৰু ১৯৮৬ চনত আলফাত যোগ দিয়া জ্যেষ্ঠ নেতা।

কিন্তু আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াই ৰাজগুৰু আলোচনাৰত আলফা সদস্য নহয় বুলি দাবী কৰাৰ লগতে সংগঠনত তেওঁক কেতিয়াও লগ পোৱা নাই বুলিও উল্লেখ কৰিছে।

“প্ৰাণময় ৰাজগুৰুক আলফাত মই পূৰ্বে কেতিয়াও লগ পোৱা নাই। মই জনাত তেওঁ আলফাৰ প্ৰশিক্ষণপ্ৰাপ্ত সদস্য নাছিল। লগতে আলোচনাপন্থী আলফাৰ তালিকাতো তেওঁৰ নাম নাই। আলোচনাপন্থী আলফাই পোৱা চৰকাৰৰ ভাট্টাও তেওঁ নাপায় ১৯৮৫ চনত তেওঁ আলফাত যোগ দিলে তেওঁ আলফাৰ এজন জ্যেষ্ঠ সদস্য হ’লহেঁতেন আৰু তেওঁ আলোচনা প্ৰক্ৰিয়াত থাকিলে আমাৰ তালিকাখনত থাকিলহেঁতেন আৰু চৰকাৰী ভাট্টাও পালেহেঁতেন,” নৰ্থ ইষ্ট নাও-ক চেতিয়াই জনায়।

ইফালে ৰাজগুৰু আলফাৰ “প্ৰশিক্ষণপ্ৰাপ্ত” সদস্য নহ’লেও, আলোচনাপন্থীৰ তালিকাত তেওঁৰ নাম থকা বুলি দাবী কৰিছে আন এজন আলফা নেতা মৃণাল হাজৰিকাই।

হাজৰিকাই জনোৱা মতে ২০০৯ চনত তেওঁলোক যুদ্ধবিৰতিলৈ অহাৰ পাছত ৰাজগুৰুক “সদস্য হিচাপে সুমুৱাই লোৱা হৈছিল”।

লগতে পঢ়ক– আটক আলফা নেতা প্ৰাণময় ৰাজগুৰু, মহিলা; পাঞ্জাবাৰীত অভিযান সমাপ্ত আৰক্ষীৰ ||Video||

কিন্তু তেওঁ লগতে কয় যে তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰামৰ সময়ত ৰাজগুৰু শিৱসাগৰত সমাজকৰ্মীৰূপেহে সক্ৰিয় আছিল। বৰ্তমান ৰাজগুৰুৰ সৈতে কোনো যোগাযোগ নথকা বুলিও হাজৰিকাই জনায়।

হাজৰিকা আলফাৰ এসময়ৰ “কাকপথাৰ কেম্প”ৰূপে পৰিচিত ২৮নং বেতেলিয়নৰ কমান্দাৰ আছিল। ২০০৮ চনৰ ২৪ জুনত ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁলোকে নিজাববীয়াকৈ “অস্ত্ৰবিৰতি” ঘোষণা কৰিছিল।

আলফাৰ সভাপতি অৰৱিন্দ ৰাজখোৱাকে ধৰি বেছিভাগ শীৰ্ষ নেতাক বাংলাদেশে ভাৰতক গতাই দিয়াৰ পিছত ২০১১ চনৰ পৰা দুয়োটা গোটে “আলফা”ৰূপে একেলগে ভাৰত চৰকাৰৰ সৈতে আলোচনা চলাই আছে।

পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বাধীন)এ সুকীয়া সংগ্ৰাম অব্যাহত ৰাখিছে।

ধৃত ৰাজগুৰুৱে ফে’চবুক একাউণ্টত বিভিন্ন সময়ত ৰাজহুৱা কৰি অহা ছবি আৰু প’স্তসমূহ দেখাত– আলফাৰ আদৰ্শৰ সমৰ্থনমূলক আৰু আলোচনাৰত বহু আলফা নেতাৰ সৈতে তেওঁৰ চিনাকী আছে।