NORTHEAST NOW (Assamese)

এপিএছচি গোচৰৰ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ; বাহাল থাকিব বৰ্খাস্তকৰণৰ নিৰ্দেশ

March 18, 2020 2:50 pm · দীপজ্যোতি শৰ্মা
Updated: March 18, 2020 2:56 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি অসম লোকসেৱা আয়োগৰ গোচৰৰ ৰায় প্ৰদান কৰে।

অসম চৰকাৰৰ যুক্তি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰে দিয়া বৰ্খাস্তকৰণৰ নিৰ্দেশ বাহাল ৰাখে।

আজি এপিএছচি গোচৰত অভিযুক্ত সকলৰ ৪৯ খন আবেদন ন্যায়ালয়ে খাৰিজ কৰে।

উল্লেখযোগ্য যে, মুঠ ৭১ গৰাকী ৰাজপত্ৰিত বিষয়াই বৰ্খাস্তকৰণৰ স্থগিতাদেশ বিচাৰি ন্যায়ালয়ৰ ওচৰ চাপিছিল।

ৰাজপত্ৰিত বিষয়া সকলৰ পক্ষ নুশুনাকৈয়ে চৰকাৰে বৰ্খাস্ত কৰা বুলি অভিযোগ উত্থাপন কৰিছিল বিষয়া সকলে যাৰ বাবে বৰ্খাস্তকৰণ প্ৰক্ৰিয়া খাৰিজ বিচাৰি তেওঁলোকে ন্যায়ালয়ৰ কাষ চাপিছিল।

চলিত বৰ্ষৰ জানুৱাৰি মাহত এপিএছচি গোচৰৰ শুনানি সমাপ্ত হৈছিল।

পূৰ্বে ন্যায়ালয়ে কেইগৰাকীমান ৰাজপত্ৰিত বিষয়াৰ বৰ্খাস্তকৰণত স্থগিতাদেশ দিছিল যদিও শেহতীয়া শুনানীয়ে সকলো অভিযুক্তৰে বৰ্খাস্তকৰণ নিশ্চিত কৰে।

Related News