NORTHEAST NOW (Assamese)

পৰীক্ষা চলি থকাৰ মাজতে সৰ্বনাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে! পঢ়া কোঠাত উদ্ধাৰ মৃতদেহ

February 19, 2025 10:45 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2025 9:52 am

হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ মাজতে পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা।

পৰীক্ষা চলি থকাৰ মাজতে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে মহানগৰৰীৰ এজন পৰীক্ষাৰ্থীয়ে।

গুৱাহাটীৰ শিলপুখুৰীৰ হাউছিং কলনীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

নিজৰ পঢ়া কোঠাতে আত্মহত্যাৰ পথ বাচি লয় ছাত্ৰজনে।

জানিব পৰা মতে, ছাত্ৰজনৰ নাম অৰ্পিত ডেকা। তেওঁৰ বয়স ১৬ বছৰ।

পৰিয়ালৰ লোকে জনোৱা মতে, পৰীক্ষা বেয়া হোৱাৰ বাবেই হয়তো নিজকে চম্ভালিব নোৱাৰি এই পথ বাচি ল’লে শিক্ষাৰ্থীগৰাকীয়ে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী। CIDৰ দলো উপস্থিত হৈছে ছাত্ৰগৰাকীৰ বাসগৃহত।

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News