NORTHEAST NOW (Assamese)

গুৱাহাটী আইআইটিত যৌন নিৰ্যাতনৰ ঘটনা: তদন্তৰ খাতিৰত চাৰি ছাত্ৰক পৃথকে পৃথকে আৱদ্ধ কৰি ৰখা হৈছে ছাত্ৰাবাসতে

April 5, 2021 12:17 pm · এন ই নাও নিউজ
Updated: April 5, 2021 12:19 pm

ৰাজ্য জোকাৰি যোৱা গুৱাহাটী আইআইটিৰ চাৰি জন ছাত্ৰক আৰক্ষীৰ তদন্তৰ খাতিৰতে ছাত্ৰাবাসতে পৃথকে পৃথকে আবদ্ধ কৰি ৰখা হৈছে।

উক্ত ছাত্ৰ কেইগৰাকী ছাত্ৰী নিৰ্যাতনৰ ঘটনাৰ সৈতে জৰিত আছিল নে নাই সেয়া পৰীক্ষা কৰি থকা হৈছে।

আজি গুৱাহাটী গুৱাহাটী আইআইটি গুৱাহাটীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই বুলি উল্লেখ কৰিছে যে অভিযুক্ত ছাত্ৰ উৎসৱ কদমক ইতিমধ্যে প্ৰতিষ্ঠান খনৰ পৰা নিলম্বিত কৰা হৈছে।

ইপিনে যৌন নিৰ্যাতনৰ বলি হোৱা বুলি অভিযোগ উঠা ছাত্ৰীগৰাকীক আইআইটি কৰ্তৃপক্ষই যাৱতীয় বিধি নমনাকৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা উলিয়াই অনা হৈছিল বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অস্বীকাৰ কৰি আইআইটি কৰ্তৃপক্ষই কৈছে যে এই সন্দৰ্ভত সকলো বিধি মানি চলা হৈছিল।

ছাত্ৰীগৰাকীৰ স্বস্থ্য পৰীক্ষাৰ প্ৰতিবেদন খন আহি পালেই তেওংৰ ক্ষেত্ৰত কেনে কাৰ্য সংঘটিত হৈছিল সেয়া জানিব পৰা যাব।

উল্লেখ্য হোলীৰ সময়তে উত্তৰ-গুৱাহাটীৰ আমিনগাওঁস্থিত আই আই টি গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি হৈছিল এগৰাকী ছাত্ৰী।
যোৱা ২৮ মাৰ্চৰ নিশা আই.আই.টি গুৱাহাটীত হোলী উপলক্ষে আয়োজিত অনুষ্ঠান চলি থকাৰ মাজতে এজন ছাত্ৰই সংঘটিত কৰে এই জঘন্য কাণ্ড।

উক্ত দিনা মাজনিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ  কৰা হয় গুজৰাটৰ ছাত্ৰীগৰাকীক।
এই ঘটনাৰ লগত জৰিত এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে উত্তৰ গুৱাহাটী আৰক্ষীয়ে । ছাত্ৰজনৰ নাম উৎসৱ কদম বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ লগত জৰিত থকাৰ অভিযোগত অন্য ৪ জন ছাত্ৰকো আটক কৰিছে আমিনগাওঁ আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা ছাত্ৰজন ৰসায়ন বিজ্ঞান বিভাগৰ বুলি জানিব পৰা গৈছে।

অভিযুক্ত উৎসৱ কদমৰ ঘৰ মহাৰাষ্ট্ৰৰ মুম্বাইত বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত আই.আই.টি. কৰ্তৃপক্ষই আমিনগাঁও আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত  53/21 নম্বৰৰ 376 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু হৈছে ।

ছাত্ৰী গৰাকীক মাদকদ্ৰৱ্য সেৱন কৰাই যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে । বৰ্তমানো আমিনগাওঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Related News