গুৱাহাটী লকডাউনৰ পঞ্চম দিনত জব্দ ৪৬খন বাহন

Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

কামৰূপ মহানগৰ জিলাত কৰনাৰ সংক্ৰমন ৰোধৰ বাবে লকডাউন৷ আজি লকডাউনৰ পঞ্চম দিন৷

মহানগৰীত লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষী৷

৩০ জুনৰ পৰা ৩ জুলাই পৰ্যন্ত গুৱাহাটী মহানগৰীত দুচকীয়া বাহন ১৯৬খন, তিনিচকীয়া বাহন ২৬খন, চাৰিচকীয়া বাহন ১৫৩খন আৰু ছয়চকীয়া বাহন ২খন জব্দ কৰা হয়৷

৩০ জুনৰ পৰা আজিৰ দিনটোলৈ সৰ্বমুঠ ৩৭৭খন গাড়ী জব্দ কৰাৰ বিপৰীতে জৰিমনা সংগ্ৰহ কৰা হয় ২,১০,৫০০ টকা৷

ইফালে আজিৰ দিনটোত সৰ্বমুঠ ৪৬খন বাহন জব্দ কৰা হয়৷ তাৰ ভিতৰত দুচকীয়া বাহন ২৮খন আৰু চাৰিচকীয়া বাহন ১৮খন জব্দ কৰা হয়৷

আনহাতে ২ জুনৰ দিনটোত জৰিমনা সংগ্ৰহ হয় ৩৮ হাজাৰ টকা৷