• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গুৱাহাটীত ঐতিহাসিক ৰুদ্ৰাংশু মুখাৰ্জীৰ এটা স্মৰণীয় বক্তৃতা

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 30, 2024 1:24 pm
গুৱাহাটীত ইতিহাসবিদ ৰুদ্ৰাংশু মুখাৰ্জী।

গুৱাহাটীত ইতিহাসবিদ ৰুদ্ৰাংশু মুখাৰ্জী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক ৰুদ্ৰাংশু মুখাৰ্জীয়ে ২৮ চেপ্তেম্বৰৰ দিনা গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত দিয়া ব্ৰজমোহন শৰ্মা স্মাৰক বক্তৃতাটো এটা অসাধাৰণ বক্তৃতা আছিল। বক্তৃতাৰ বিষয় আছিল ‘Arguments between Tagore & Gandhi- A Template for Progressive Discussion’। আজিৰ পৰা ২৬ বছৰ আগতে প্ৰয়াত ঐতিহাসিক সব্যসাচী ভট্টচাৰ্যই এনে বিষয় এটা লৈয়ে ‘The Mahatma And The Poet: Letters And Debates Between Gandhi and Tagore: 1915-1941’ নামেৰে কিতাপ এখন লিখিছিল। কিতাপখন প্ৰকাশ কৰিছিল নেশ্যনেল বুক ট্ৰাষ্টে। ৰুদ্ৰাংশু মুখাৰ্জীয়েও ‘Tagore & Gandhi: Walking Alone, Walking Toge’ নামেৰে ২০২১ চনত এখন কিতাপ লিখিছিল। সেই কিতাপখনৰ প্ৰকাশক ALEPI; তেখেতে ২৮ তাৰিখে দিয়া বক্তৃতাটোৰ অৱলম্বন আছিল এই কিতাপখন।

দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰা সত্যাগ্ৰহ আৰু অহিংস আন্দোলনেৰে গান্ধী, আৰু সাহিত্যৰ ন’বেল বঁটা লাভ কৰি ৰবীন্দ্ৰনাথ, একে সময়তে জগদ্বিখ্যাত হৈ পৰিছিল। তেওঁলোক দুয়ো দুয়োকে ভালদৰে জানিছিল।ইজন সিজনৰ প্ৰতি অতি শ্ৰদ্ধাশীল আছিল।ৰবীন্দ্ৰনাথে গান্ধীক মহাত্মা আৰু গান্ধীয়ে ৰবীন্দ্ৰনাথক গুৰুদেব বুলি সম্বোধন কৰিছিল।বিভিন্ন বিষয়ত দুয়োৰো মাজত যেনেকৈ মিল আছিল ঠিক তেনেদৰে কিছুমান অতি গুৰুত্বপূৰ্ণ বিষয়ত যেনে যঁতৰ কটা, বিলাতী কাপোৰ বৰ্জন, বৰ্ণ প্ৰথা আৰু তেনে ভালেমান বিষয়ত দুয়োৰো মাজত গুৰুতৰ মতপাৰ্থক্যও আছিল।

ৰুদ্ৰাংশু মুখাৰ্জীয়ে বক্তৃতাটোত সম্পূৰ্ণ নিৰপেক্ষাভাৱে দুয়োজনৰ দৃষ্টিভংগী আৰু মতামত সুন্দৰকৈ দাঙি ধৰিছিল। মুখাৰ্জীৰ কথনভংগী, ভাষাৰ ব্যৱহাৰ আৰু একোটাহঁত যুক্তিৰ উত্থাপন কি চমৎকাৰ আৰু আকৰ্ষণীয় আছিল! তেখেতে কৈছিল, আজিকালি ভাৰতত মত বিৰোধ মানে হৈ হাল্লা, হুলস্থূল। আনকি মতৰ অমিল মানুহক দেশদ্ৰোহী আখ্যা দিয়াই নহয়, জে’ললৈ নিক্ষেপ কৰা হয়। কিন্তু গান্ধী আৰু ৰবীন্দ্ৰনাথৰ মাজত হোৱা মত বিৰোধে তেওঁলোকৰ মাজত কেতিয়াও কোনো অশ্ৰদ্ধা বা অসৌজন্যতাৰ জন্ম দিয়া নাছিল। মুখাৰ্জীয়ে সেইটোকে প্ৰগতিশীল বিতৰ্কৰ আধাৰ বুলি কৈছিল।

Apply Now

শ্ৰোতা সকলে মন্ত্ৰমুগ্ধ হৈ অধ্যাপক মুখাৰ্জীৰ কথা শুনিছিল। তেখেতৰ বক্তৃতাটো যেন এক সুন্দৰ পৰিৱেশ্য কলাহে আছিল। বক্তৃতাৰ শেষৰ প্ৰশ্নোত্তৰৰ সময়ত, গোহাঁই চাৰে কৈছিল, তেতিয়াৰ ভদ্ৰ সমাজত সেই পৰিবেশ আছিল, আজি জানো সেইটো সম্ভৱ? গোহাঁই চাৰৰ প্ৰশ্নটোৰ উত্তৰ দি মুখাৰ্জীয়ে কলিকতা ৰায়টৰ পিছত গান্ধীৰ অনশনৰ কথা উল্লেখ কৰি কৈছিল যে কলিকতা ৰায়টৰ পৰিকল্পনা আছিল সোহৰৱাদীৰ। কিন্তু সেই সোহৰৱাদীয়ে গান্ধীক সাক্ষাৎ কৰিবলৈ আহোঁতে যেতিয়া এচাম উন্মত্ত জনতাই  যাঠি জোং লৈ তেওঁক ঘেৰাও কৰি হত্যা কৰিবলৈ উদ্যত হৈছিল, গান্ধীয়ে তেওঁলোকক কৈছিল- তোমালোকে সোহৰৱাদীক হত্যা কৰিব পাৰিবা। কিন্তু তাৰ আগতে মোক হত্যা কৰিব লাগিব। পিছদিনা তেওঁলোক সকলো আহি গান্ধীৰ ওচৰত তেওঁলোকৰ অস্ত্ৰ সমৰ্পণ কৰিছিল।

বক্তৃতাৰ পিছদিনা শান্তনুৱেও (শান্তনু বৰঠাকুৰ) মুখাৰ্জীৰ বক্তৃতাটো ভূয়সী প্ৰশংসা কৰি মোক কৈছিল, কিন্তু দাদা গোহাঁই চাৰৰ প্ৰশ্নটোৱে মোৰো প্ৰশ্ন। মই শান্তনুক কৈছিলোঁ। তুমি নাভাবিবা গান্ধী সদায় ভদ্ৰ প্ৰতিবাদৰে সন্মুখীন হৈছিল। ভাবাচোন, দক্ষিণ আফ্ৰিকাত তেওঁ কিমানবাৰ শাৰিৰীক নিৰ্যাতনৰ সন্মুখীন হৈছিল। অথচ গান্ধী তেওঁৰ অৱস্থানত অলৰ আছিল। আৰু কিয় গান্ধীয়ে নিজৰ বিশ্বাস আৰু আদৰ্শত অটল হৈ থকা কাৰণেই জানো তেওঁ প্ৰাণ দিবলগা হোৱা নাছিল?

মুখাৰ্জীয়ে যি নিৰপেক্ষতাৰে বক্তৃতাটো দিছিল সব্যসাচী ভট্টচাৰ্যইও ঠিক সেই সম্ভ্ৰম আৰু নিৰপেক্ষতাৰে তেওঁৰ  কিতাপখন লিখিছিল। সেই কিতাপখন আজি  ২২ বছৰ আগতে মই অতি মনোযোগেৰে পঢ়িছিলোঁ। ৰুদ্ৰাংশু মুখাৰ্জীৰ কিতাপখন মই এতিয়াও পঢ়া নাই। ভাবিছোঁ মুখাৰ্জীৰ কিতাপখন পঢ়াৰ পিছত, দুয়োখনৰ বিষয়ে এটা প্ৰবন্ধ লিখিম।ইমান সুন্দৰ বক্তৃতা এটাৰ আয়োজন কৰা কাৰণে ব্ৰজমোহন শৰ্মা ন্যাস আমাৰ সকলোৰে কৃতজ্ঞতাৰ পাত্ৰ। বক্তৃতাৰ পিছত টাটা ভিভান্টাত মই ৰুদ্ৰাংশু মুখাৰ্জীৰ এটা সাক্ষাৎকাৰ লৈছিলোঁ। সেইটো আজি নৰ্থইষ্ট নাওত ওলাব। আশাকৰো আপোনালোকে সাক্ষাৎকাৰটো চাব। 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd