বাৰিষাৰ পিছতে ৰ’প সংযোগ কৰা হ’ব বহু আকাংক্ষিত গুৱাহাটীৰ ৰ’পৱে’ত

Ghy ropeway

অহা বছৰ জানুৱাৰিত বহু আকাংক্ষিত গুৱাহাটীৰ ৰজ্জুপথ (ৰ’প) মুকলি কৰা হ’ব। ২০০৯ চনতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি আৰম্ভ কৰা ৰজ্জুপথৰ কাম চৰকাৰৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতা তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ভূল কামৰ পৰিণতিত কেবাবছৰ বন্ধ হৈ পৰি থকাৰ পিছত ২০১৭  চনৰ পৰা পুনৰ কাম আৰম্ভ হয়।

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি নিৰ্মাণ কৰি থকা ৰজ্জুপথৰ বহুখিনি কাম এতিয়াও বাকী আছে যদিও অহা ডিচেম্বৰৰ ভিতৰতে ইয়াৰ বাকীখিনি কাম সম্পূৰ্ণ হৈ উঠিব বুলি মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিছে।

গুৱাহাটী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ পৰা উমানন্দৰ কাষেৰে হৈ উত্তৰ গুৱাহাটীৰ দৌল গোৱিন্দ মন্দিৰৰ সমীপলৈকে নিৰ্মাণ হ’ব লগীয়া উক্ত ৰজ্জুপথটোৰ আধাৰশিলা ২০০৯ চনৰ ৪ ডিচেম্বৰত তদানীন্তন মুখ্য মন্ত্ৰী তৰুন গগৈয়ে স্থাপন কৰিছিল।

উল্লেখযোগ্য যে দামোদৰ ৰোপৱে প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰি থকা ৰজ্জুপথৰ গম্বুছ স্থাপনৰ কাম চলি থকাৰ সময়তে নদীৰ মাজত নিৰ্মাণ কৰি থকা এটা গম্বুছ কাৰিকৰী ভূলৰ বাবে নিৰ্মীয়মাণ অৱস্থাত হালি পৰাত ইয়াক ঠিক কৰাৰ বাবে ওচৰেৰে ‘উৰ্বশী’ নামেৰে পৰিচিত শিলাখণ্ডত ৰছী সংযোগ কৰা হৈছিল, কিন্তু প্ৰত্নতত্ব বিভাগে শিলাখণ্ডটোক ৰজ্জুপথ নিৰ্মাণৰ কামত ব্যৱহাৰ কৰাত বাধা আৰোপ কৰে। ফলস্বৰূপে ২০১১ চনৰ ফেব্ৰুবাৰিৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে।

পিছত মহানগৰ উন্নয়ন প্ৰাধিকৰনে উৰ্বশী শিলাখণ্ডৰ পৰা নিৰ্দিষ্ট দূৰত্বত বিকল্প গম্বুজ নিৰ্মাণৰ প্ৰস্তাব দিয়ে। অৱশ্যে বিভিন্ন পৰ্য্যালোচনা আৰু নিৰীক্ষণ আদিৰ পিছত ২০১৫ চনৰ এপ্ৰিলত ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন প্ৰাধিকৰণে উৰ্বশী শিলাখণ্ডৰ ক্ষতি নকৰাকৈ ৰজ্জুপথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ পুনৰ অনুমতি দিয়ে।

ৰ’পৱে’ৰ বাকী কামখিনি কৰাৰ বাবে ২০১৫ চনত তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰক অতিৰিক্তকৈ ২৭ কোটি টকা বিচাৰি আৱেদন কৰিছিল যদিও ৰাজ্য চৰকাৰখনে কোনো গুৰুত্ব নিদিয়াত ইয়াৰ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে। অৱশ্যে পিছত বিজেপি মিত্ৰজোঁট চৰকাৰখনে নিৰ্মাণৰ বাকী কামৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ধনৰ অনুমোদন দিয়াত ২০১৭ চনৰ পৰা ৰজ্জুপথ নিৰ্মাণৰ কাম পুনৰ কাম আৰম্ভ হয়।

মহানগৰ উন্নয়ন প্ৰাধিকৰনৰ এক সূত্ৰই জনায় যে ৰজ্জুপথৰ বাবে গম্বুজ চাৰিটাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া গম্বুজকেইটাক সংলগ্ন কৰি নদীৰ ওপৰৰে ৰছী (ৰ’প) টনাৰ কাম কৰিবলৈ আছে। ৰ’প টনাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে যাত্ৰী কঢ়িওৱা কেবিন সংযোগ কৰাৰ লগতে আনুষংগিক কাম  কিছুমান কৰিবলৈ বাকী আছে।

বৰ্তমান ব্ৰহ্মপুত্ৰত পানী বেছি থকাৰ বাবে ৰ’প সংযোগৰ কাম আৰম্ভ কৰা হোৱা নাই। পানী কমিলেই কাম আৰম্ভ কৰা হ’ব, এই উদ্দেশ্যে পাচঁখন জাহাজ সাজু কৰি ৰখা হৈছে। ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতেই কেবিন সংযোগৰ কাম কৰা হ’ব।

সূত্ৰটোয়ে লগতে জনায় যে কাছাৰীত থকা বনবিভাগৰ বন সংমণ্ডলৰ কাৰ্যালয়টোৰ ভূমিত ৰজ্জুপথৰ টাৰমিনেল স্থাপনৰ কাম চলি আছে। ইতিমধ্যে তাত থকা বনবিভাগৰ কাৰ্যালয়টো অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে। পৰৱৰ্তী সময়ত এই টাৰমিনেলটোক ৰিভাৰ টেক্সী আৰু চিটীবাছ টাৰমিনেললৈও সম্পাসাৰিত কৰা হ’ব বুলি জানিব পৰা গৈছে।