NORTHEAST NOW (Assamese)

মহানগৰীৰ বিভিন্ন ভাৰাঘৰত ভাৰাতীয়া হিচাপে বাস কৰি থকা ৯১ গৰাকী সন্দেহযুক্ত ভাৰাতীয়াক আটক

September 17, 2019 3:54 pm · কল্পজ্যোতি শইকীয়া
Updated: September 17, 2019 4:11 pm
আৰক্ষীয়ে আটক কৰা ভাৰাতীয়া লোকসকল।

চান্দমাৰি আৰক্ষীয়ে মঙলবাৰে মহানগৰৰ ভাস্কৰ নগৰৰ বিভিন্ন ভাৰাঘৰত ভাৰাতীয়া হিচাপে বাস কৰি থকা মুঠ ৯১ গৰাকী সন্দেহজনক ভাৰাতীয়াক আটক কৰে।

ভাড়াঘৰত থকাৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ জমা নিদিয়াৰ বাবেই লোকসকলক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, গুৱাহটী মহানগৰীৰ ভাস্কৰ নগৰ অঞ্চলৰ বিভিন্ন ভাৰাঘৰত ভাৰাতীয়া হিচাপে বাস কৰি থকা এই সকল লোকক প্ৰয়োজনীয় নথি পত্ৰ জমা দিবৰ বাবে আৰক্ষীয়ে দীৰ্ঘ দিনৰ পৰা কৈ অহাৰ পাছতো তেওঁলোকে নথি পত্ৰ জমা নিদিয়াৰ বাবে মঙলবাৰে আটক কৰে বুলি আৰক্ষীয়ে উল্লেখ কৰে।

ইতিমধ্যে আটক কৰা মুঠ ৯১ গৰাকী সন্দেহযুক্ত ভাৰাতীয়াৰ ভিতৰত ৭৬ গৰাকী লোকক সোধ পোচৰ অন্তত মুকলি কৰি দিয়া হৈছে যদিও এতিয়াও ১৫ গৰাকী লোকক সোধপোচৰ বাবে আৰক্ষী থানাত ৰাখি থোৱা হৈছে।

আনহাতে, আৰক্ষীয়ে আটক কৰা ভাৰাতীয়া হিচাপে বাস কৰা লোক সকলে নিজকে মহানগৰীত মিস্ত্ৰীৰ কাম কৰি থকা বুলি পৰিচয় দিছে আৰু তেওঁলোকৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ ঘৰৰ পৰা আনি থকা বুলি উল্লেখ কৰিছে।

আৰক্ষীৰ জিম্মাত থকা লোককেইগৰাকীৰ ভিতৰত ইতিমধ্যে পাঁচজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা লোক কেইগৰাকীৰ ভিতৰত হৈছে মজিবুৰ ৰহমান (মঙলদৈ), চান মহম্মদ আলি (হাজো), ৰিংকু আলি (চেনিকুঠি, ভাস্কৰ নগৰ), চাইজোদ্দিন আহমেদ (কালঝাৰ, বৰপেটা), আকচেদ আলি (কলগাছিয়া)।

মহানগীৰত সংঘটিত হৈ থকা বিভিন্ন অপৰাধ জনিত ঘটনাৰ লগত এনেধৰণৰ পৰিচয় পত্ৰ নোহোৱা ভাৰাতীয়া জড়িত হৈ থাকে বুলি আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰে।

ভাস্কৰ নগৰৰ স্থানীয় নাগৰিকৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে মঙলবাৰে আটক কৰিছিল সন্দেহযুক্ত ভাৰাতীয়া হিচাপে বাস কৰি থকা লোককেইগৰাকীক।

Related News