অবাঞ্চিত! বাতৰি প্ৰকাশৰ বাবে ধন দাবী কৰা সাংবাদিকসকলক সতৰ্ক কৰি দিলে গুৱাহাটী প্ৰেছ ক্লাবে

সংবাদ মেল আৰু অনুষ্ঠানৰ আয়োজকসকলৰ পৰা অননুমোদিত আৰু অবৈধভাৱে ধন সংগ্ৰহৰ সৈতে জড়িত একাংশ সাংবাদিকক গুৱাহাটী প্ৰেছ ক্লাবে কঠোৰভাৱে সকীয়াই দিছে।

গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ৰ এক যুটীয়া বিবৃতিত কোৱা হৈছে, “গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল/কিতাপ উন্মোচন/অনুষ্ঠানত উপস্থিত থকা সাংবাদিকৰ এটা অংশই অনুষ্ঠানটোৰ কভাৰেজৰ বিপৰীতে আয়োজকসকলৰ পৰা ধন দাবী কৰি আহিছে বুলি আমাৰ দৃষ্টিগোচৰ কৰা হৈছে।”

লগতে পঢ়ক: মানুহৰ হৃদয়ত যাযাবৰী শিল্পীৰ ঠিকনা! সুধাকণ্ঠৰ মৃত্যু দিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি

জিপিচিয়ে এনে নিন্দনীয় কাৰ্য্যক তীব্ৰ গৰিহণা দি লগতে কয় যে “জিপিচিয়ে কোনো সাংবাদিকৰ এনে কোনো অনৈতিক আচৰণ সহ্য নকৰে”।

বিবৃতিটোত কোৱা হৈছে, “আমি ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে কঠোৰভাৱে সতৰ্ক কৰি দিছো যে এনে ধৰণৰ কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এনে কাৰ্যত জড়িত সাংবাদিকসকলৰ কেৱল সদস্যপদ প্ৰত্যাহাৰ কৰাই নহয়, আনকি তেওঁলোকক জিপিচি চৌহদত প্ৰৱেশ কৰাতো বাধা দিয়া হ’ব পাৰে”।

জিপিচি কৰ্তৃপক্ষই এনে ধৰণৰ যিকোনো অননুমোদিত দাবীৰ সন্মুখীন হোৱা আয়োজকসকলৰ বাবে চাৰিটা ফোন নম্বৰ (8011745999, 7002555736, 8749870769, 8486740848) সদৰী কৰিছে।

লগতে পঢ়ক: কি আৰম্ভ হৈছে এইবোৰ? টুইটাৰৰ প্ৰায় সকলো ভাৰতীয় কৰ্মীকে ছাঁটাই কৰিলে এলন মাস্কে!

“আয়োজকসকলকো যেতিয়াই কোনোবাই বাতৰি প্ৰকাশৰ বিৰুদ্ধে ধন বা কোনো অযথা অনুগ্ৰহ দাবী কৰে, এনে দাবী গ্ৰহণ নকৰিবলৈ আৰু বিষয়টো পোনপটীয়াকৈ জিপিচি কৰ্তৃপক্ষক (8011745999, 7002555736, 8749870769, 8486740848) অৱগত কৰিবলৈ কোৱা হৈছে,” বিবৃতিটোত কোৱা হয়।

বিবৃতিটোত লগতে কোৱা হয়, “প্ৰাপ্ত কিছুমান অভিযোগৰ ওপৰত ভিত্তি কৰি আমি এনে কেইজনমান ব্যক্তিক চিনাক্ত কৰিছো আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”