NORTHEAST NOW (Assamese)

কুম্ভমেলাৰ পৰা ঘূৰি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু গুৱাহাটীৰ বাসিন্দাৰ

February 15, 2025 10:04 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 15, 2025 11:06 am

পুনৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে মহাকুম্ভৰ পৰা উভটি অহা বাহন।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভ মেলাৰ পৰা উভতি অহাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ হেৰুৱাই অসমৰ আনন্দ জ্যোত মহন্ত নামৰ এজন ব্যক্তিয়ে।

জানিব পৰা মতে, মহন্ত গুৱাহাটীৰ গড়চুকৰ বাসিন্দা।

আনন্দ জ্যোতি মহন্ত আৰু সাতজন লোকৰ সৈতে কুম্ভমেলাৰ পৰা আহি থাকোতে তেওঁলোকৰ বাহনখনে বিহাৰৰ পাটনাত এক দুৰ্ঘটনা সংঘটিত কৰে।

এই দুৰ্ঘ্টনাত মহন্ত থিতাতে মৃত্যু হোৱাৰ বিপৰীতে বাকী সাতজন গুৰুতৰভাবে আহত হয়। আহত লোকসকল এতিয়াও ওচৰৰ চিকিৎসালয়ত সন্ধানহীন হৈ আছে।

Related News