NORTHEAST NOW (Assamese)

দেশজোৰা ধৰ্মঘট; কাইলৈ বন্ধ থাকিব গুৱাহাটীৰ বিদ্যালয়সমূহ

January 7, 2020 5:17 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বুধবাৰে অৰ্থাৎ ৮ ছেপ্টেম্বৰত ট্ৰেড য়ুনিয়নবোৰে ভাৰত চৰকাৰৰ ‘জন-বিৰোধী নীতি’ৰ প্ৰতিবাদত আহ্বান জনোৱা সাধাৰণ ধৰ্মঘটৰ বা ‘ভাৰত বন্ধ’ পতি লক্ষ্য ৰাখি কাইলৈ গুৱাহাটীৰ প্ৰায় সকলো বিলাক বিদ্যালয় বন্ধ থাকিব।

INTUC, AITUC, HMS, CITU, AIUTUC, TUCC, SEWA, AICCTU, LPF, UTUC আদি ট্ৰেড য়ুনিয়নবোৰৰ উপৰি বিভিন্ন খণ্ডৰ অন্তৰ্গত নোহোৱা শ্ৰমিক সংস্থাবোৰে এই একেলগে এই দেশজোৰা ধৰ্মঘটৰ ঘোষণা কৰিছে।

‘দিল্লী পাব্লিক স্কুল (ডিপিএছ), শ্ৰীমন্ত শংকৰ একাডেমী আৰু নেশ্যনেল পাব্লিক স্কুল (এনপিএছ)কে ধৰি গুৱাহাটীৰ প্ৰায়সমূহ বিদ্যালয়ে সাধাৰণ ধৰ্মঘটৰ প্ৰতি লক্ষ্য ৰাখি ৮ জানুৱাৰীত স্কুল বন্ধ ঘোষণা কৰিছে।‘ শিক্ষা বিভাগৰ এগৰাকী বিষয়াই জনায়।

জানিব পৰা মতে মহানগৰীৰ বহু অভিভাৱকে তেওঁলোকৰ সন্তানে পঢ়া বিদ্যালয়ৰ পৰা বুধবাৰে স্কুল বন্ধ থাকিব বুলি মেছেজ লাভ কৰিছে।

Related News