কিদৰে কৰা যায় মানৱ সৰবৰাহ ৰোধ? গুৱাহাটীত গম্ভীৰ ছে’মিনাৰ

guwahati-seminar-discusses-ways-to-tackle-human-trafficking

ছেমিনাৰখনৰ ছবি।

মানৱ সৰবৰাহ (বিশেষকৈ নাৰীজনিত) কিদৰে ৰোধ কৰা যায় তাকে লৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় এখন গম্ভীৰ ছে’মিনাৰ।

ৰাষ্ট্ৰীয় মহিলা আয়োগে সহযোগিতা কৰা ছে’মিনাৰখন আয়োজন কৰিছিল নিলয় নামৰ এটা বেচৰকাৰী সংগঠনে।

“মানৱ দেহ সৰবৰাহ এক সংগঠিত অপৰাধ যি ৰাজ্য আৰু দেশৰ সীমা অতিক্ৰমি গৈছে।”, মুখ্য ভাষণ আগবঢ়াই এই মন্তব্য কৰে অসম আৰক্ষী (বিশেষ শাখা)ৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্যই।

মানৱ সৰবৰাহকাৰী চক্ৰ কব্জা কৰাৰ পদ্ধতিসমূহ আৰু এইক্ষেত্ৰত আৰক্ষীয়ে সন্মুখীন হোৱা সমস্যা বহলাই কয় অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু কুমাৰ চৰকাৰ ছে’মিনাৰখনত সমল ব্যক্তিৰূপে উপস্থিত আছিল।

মানৱ সৰবৰাহ সম্পৰ্কীয় ঘটনা সন্দৰ্ভত সংশ্লিষ্ট আইনসমূহৰ বিষয়ে তেওঁ আলোচনা আগবঢ়ায়। এইধৰণৰ গোচৰসমূহৰ ক্ষেত্ৰত আত্মসহায়ক গোটসমূহে কিদৰে সহায়ক ভূমিকা পালন কৰিব পাৰে সেই বিষয়েও তেওঁ ব্যাখ্যা কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰে আন এগৰাকী অধিবক্তা তথা বচ্চপন বচ্চাঅ’ আন্দ’লনৰ ৰাজ্যিক সমন্বয়ক ববিতা শইকীয়াই এই সন্দৰ্ভত থকা মান্য অভিযানগত পদ্ধতি (standard operating procedures)ৰ বিষয়ে বহলাই কয়।

১৫০ শতাধিক লোকে অংশগ্ৰহণ কৰা ছে’মিনাৰখন নিলয়ৰ সভাপতি ৰাজেন্দ্ৰ নাথ খাউণ্ডৰ ভাষণেৰে সামৰণি পৰে।