NORTHEAST NOW (Assamese)

ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান!

July 24, 2019 11:07 am · এন ই নাও নিউজ

২০২২ চনত কাটাৰত অনুষ্ঠিত হ’ব লগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে ভাৰতীয় ফুটবল দলে অহা ৫ ছেপ্তেম্বৰত নিজৰ অভিযান আৰম্ভ কৰিব। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰাক বিশ্বকাপৰ এই অভিযান গুৱাহাটীৰ পৰাই আৰম্ভ কৰিব ভাৰতীয় দলে।

অহা ৫ ছেপ্তেম্বৰত ভাৰতে ওমানৰ বিৰুদ্ধে দ্বিতীয় ৰাউণ্ডৰ এছিয়ান কোৱালিফায়াৰৰ প্ৰথমখন মেচ খেলিব। মেচখন গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই যোগাত্মক ইংগিত আহিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তৰফৰ পৰা।

উল্লেখ্য যে ভাৰতে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে দ্বিতীয় ৰাউণ্ডত ঘৰৰ মাটিত চাৰিখন মেচ খেলিব। ইয়াৰ বাবে ইতিমধ্যে ফেডাৰেশ্যনে কলকাতা, আহমেদাবাদ আৰু গুৱাহাটীক স্থান হিচাপে নিৰ্ধাৰণ কৰিছে। সেই দিশৰ পৰা চাব গ’লে ইয়াৰে এখন খেল গুৱাহাটীত হোৱাৰ সম্ভাৱনা আছে।

অতি শীঘ্ৰে এছিয়ান ফুটবল কনফেডাৰেশ্যন (এ এফ চি)ৰ প্ৰতিনিধিয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰিব। আৰু ইয়াৰ পাছতেই খেল হোৱা নোহোৱাটো নিশ্চিত হৈ পৰিব। অৱশ্যে অনূৰ্ধ্ব ১৭ ফিফা বিশ্বকাপ অনুষ্ঠিত হোৱা আৰু ষ্টেডিয়ামৰ আন্তঃগাথনিৰ দিশৰ ফালৰ পৰা চালে ইয়াত খেল অনুষ্ঠিত হোৱাটো খাটাং।

এই সংক্ৰান্তত অসম ফুটবল সংস্থাৰ সম্পাদক হেমেন্দ্ৰ ব্ৰহ্মই নিউজ এজেন্সি পি টি আইৰ আগত কয়, ‘ফুটবল ফেডাৰেশ্যনৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে এই সন্দৰ্ভত বিবেচনা কৰি থকা হৈছে বুলি জনায়। ৫ ছেপ্তেম্বৰৰ মেচখন আমাৰ ইয়াত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে’।

ইফালে প্ৰাক বিশ্বকাপৰ মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব বুলি প্ৰচাৰ হোৱাৰ পাছৰে পৰা ফুটবল প্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখা পোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে বিশ্বকাপ কোৱালিফায়াৰত ভাৰতে ওমানৰ সৈতে বাংলাদেশ, আফগানিস্তান আৰু ফিফা বিশ্বকাপৰ আয়োজক দেশ কাটাৰৰ সৈতে স্থান লাভ কৰিছে। গ্ৰুপৰ প্ৰতিটো দলে প্ৰতিটো দলৰ বিপক্ষে ‘হোম’ আৰু ‘এৱে’ ভিত্তিত দুখনকৈ মেচ খেলিব।

Related News