চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে ১১ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰতিবাদী সভা

প্ৰতিনিধিত্বমূলক ছবি

ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰি দেশৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী কণ্ঠ ৰূদ্ধ কৰিবলৈ চৰকাৰে চলোৱা ‘দমনমূলক নীতি’ৰ বিৰুদ্ধে অহা ১১ ছেপ্তেম্বৰত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ আৰু বাওঁ-গণতান্ত্ৰিক মঞ্চ অসমে যুটীয়াভাৱে গুৱাহাটীত এক প্ৰতিবাদী সভা আহ্বান কৰিছে।

১১ ছেপ্তেম্বৰৰ বিয়লি ৪ বজাৰ পৰা গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত উক্ত নাগৰিক সভা অনুষ্ঠিত হ’ব বুলি আজি প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰে।

উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি দেশৰ কেইবাঠাইত ‘চৰকাৰৰ বিভন্ন জনবিৰোধী নীতি’ৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰা আৰু ‘চৰকাৰৰ দুমুখীয়া চৰিত্ৰ’ উদঙাই দিয়া ৫ গৰাকীকৈ বুদ্ধিজীৱী তথা মানৱ অধিকাৰ কৰ্মীক ‘মাওবাদী’ সজাই চৰকাৰে গৃহবন্দী কৰি ৰাখিছে।

উক্ত প্ৰতিবাদী নাগৰিক সভাত নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ আৰু বাওঁ-গণতান্ত্ৰিক মঞ্চ, অসমৰ অন্তৰ্গত ১১ টা ৰাজনৈতিক দলৰ সমূহ নেতৃত্বৰ লগতে ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, উদয়াদিত্য ভৰালী, হেমেন দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক, সাহিত্যিক আৰু ৰাজনৈতিক কৰ্মী উপস্থিত থাকিব।

আজিৰ বিজ্ঞপ্তি যোগে তেওঁলোকে উক্ত সভালৈ গণতন্ত্ৰত বিশ্বাসী সকলো নাগৰিকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।