• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰাশায়ী ট্ৰেফিক লাইট; ‘স্মাৰ্ট চিটি’মুখী গুৱাহাটীত অচল ছিগনেল, নাথাকে পুলিচ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 11, 2019 6:40 pm
গুৱাহাটীৰ ট্ৰেফিক লাইট।

গুৱাহাটীৰ ট্ৰেফিক লাইট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘স্মাৰ্ট চিটি’ হোৱাৰ দিশে আগবঢ়া গুৱাহাটী মহানগৰীত কিদৰে চলিছে ট্ৰেফিক ব্যৱস্থা? কদৰ্য্য পৰিৱেশৰ প্ৰসংগ এৰাই চলিলেও যান-বাহন আৰক্ষীয়ে কিদৰে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে সেই লৈ এতিয়াও ৰৈ গৈছে কিছুমান প্ৰশ্ন।

কিয়নো গুৱাহাটীৰ খানাপাৰাস্থিত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখৰ অসম বিজ্ঞান কেন্দ্ৰৰ কাষতে লাগি থকা ট্ৰেফিক পইন্টত বৃহস্পতিবাৰে দিন দুপৰত দেখা নগ’ল এজনো যান-বাহন আৰক্ষী। দিনৰ ১২ বজাৰ পৰা প্ৰায় এঘন্টা সময় আমি উক্ত স্থানত আছিলো যদিও কোনো আৰক্ষীক দেখা পোৱা নাছিলো।

উক্ত ট্ৰেফিক পইন্টৰ চাৰিওফালৰ পৰা অহৰহ যান-বাহন চলাচল কৰি কৰি থাকে। খানাপাৰা, বেলতলা, ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ– এই চাৰিও দিশৰ সংযোগস্থল উক্ত ট্ৰেফিক পইণ্ট। কিন্তু উক্ত সংযোগস্থলত খালী হৈয়েই পৰি ৰ’ল যান-বাহন আৰক্ষী থিয় হৈ যান-বাহন নিয়ন্ত্ৰণ কৰা গৃহটো।

আনহাতে, বৰ্তমান গৰমৰ বন্ধৰ সময়। গতিকে অন্য সময়ৰ তুলনাত বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল আহি ভিৰ কৰিছেহি আঞ্চলিক বিজ্ঞান কেন্দ্ৰত। তেনে পৰিপ্ৰেক্ষিতত ৰাস্তা পাৰ হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰটো চাবলৈ অহা লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়।

Guwahati traffic point ট্ৰেফিক পইণ্ট runs without police
গুৱাহাটীৰ ধৰাশায়ী ট্ৰেফিক লাইট।

“ইমান স্পীডত বাহনসমূহ আহি আছে, কিন্তু কোনো ধৰণৰ যান-বাহন আৰক্ষী এজন ইয়াত নাই। আনফালেদি ল’ৰা-ছোৱালীবোৰ ৰাস্তা পাৰ হওঁতে যদি কেনেবাকৈ দুৰ্ঘটনা সংঘটিত হয় তেন্তে কোনে ৰিস্ক ল’ব? ট্ৰেফিক লাইটো নজ্বলে,” এই মন্তব্য অনন্ত বৈৰাগী নামৰ এজন লোকৰ।

ইয়াৰোপৰি, পুতলাৰ নিচিনাকৈ ওলোমাই ৰখা হৈছে ট্ৰেফিক লাইটকেইটা। কিছুমান ট্ৰেফিক লাইট পৰি ৰৈছে ৰাস্তাৰ দাঁতিত।

উক্ত অঞ্চলৰে এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে জানিবলৈ দিয়া অনুসৰি বিগত প্ৰায় ২-৩ বছৰে সক্ৰিয় নহয় উক্ত স্থানৰ ট্ৰেফিক লাইটকেইটা। লগতে খানাপাৰাৰ পৰা এ বি চি-পৰ্য্যন্ত এটা ট্ৰেফিক লাইটো বৃহস্পতিবাৰে সক্ৰিয় অৱস্থাত দেখিবলৈ পোৱা নগ’ল।

ডাউন-টাউনৰ ট্ৰেফিক লাইট মাজে-সময়ে জ্বলে যদিও বৰ্তমানো অন্য ট্ৰেফিক লাইটসমূহ যেন এনেই ওলোমাই ৰখা হৈছে ৰাজপথৰ মাজত।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, প্ৰস্তাৱিত ‘স্মাৰ্ট চিটি’ৰ অন্তৰ্গত ‘স্বয়ংক্ৰিয়ভাৱে’ জ্বলি উঠা ট্ৰেফিক লাইটৰ ব্যৱস্থা ব্যস্ততাপূৰ্ণ এ বি চিত কৰাৰ কথা আছিল যদিও হৈ উঠা নাই সেই ব্যৱস্থা। তাত বৰ্তমানো হাতৰ অংগি-ভংগিৰে বাহনসমূহক নিৰ্দেশনা দিয়ে আৰক্ষীয়ে।

“এনেই যান-জঁট, তাতে আকৌ ট্ৰেফিক লাইট নজ্বলে। তেনে পৰিপ্ৰেক্ষিতত কেনেকৈ যাত্ৰীসকল জি এছ ৰোডেদি অহা-যোৱা কৰিব?” প্ৰশান্ত বৰ্মন নামৰ অনিল নগৰৰ এজন লোকে আমাৰ সাংবাদিকক এইদৰে কয়।

স্বাভাৱিকতে প্ৰশ্ন হয়, ট্ৰেফিক ব্যৱস্থাৰ এনে সোপা-ঢিলা নীতিৰে কেনেকৈ গুৱাহাটীক স্মাৰ্ট চিটি ৰূপ দিব পৰিৱৰ্তনকামী বিজেপি চৰকাৰে?

ট্ৰেফিক লাইট ও যান-বাহন আৰক্ষীৰ সন্দৰ্ভত সুধিবৰ বাবে আমি যান-বাহন সহকাৰী উপ আৰক্ষী আয়ু্ক্ত হিৰণ্য কুমাৰ বৰ্মনক যোগাযোগৰ চেষ্টা কৰিছিলো যদিও তেওঁক ফোনত পোৱা নগ’ল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd