NORTHEAST NOW (Assamese)
অসম

ধৰাশায়ী ট্ৰেফিক লাইট; ‘স্মাৰ্ট চিটি’মুখী গুৱাহাটীত অচল ছিগনেল, নাথাকে পুলিচ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 11, 2019 6:40 pm

‘স্মাৰ্ট চিটি’ হোৱাৰ দিশে আগবঢ়া গুৱাহাটী মহানগৰীত কিদৰে চলিছে ট্ৰেফিক ব্যৱস্থা? কদৰ্য্য পৰিৱেশৰ প্ৰসংগ এৰাই চলিলেও যান-বাহন আৰক্ষীয়ে কিদৰে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে সেই লৈ এতিয়াও ৰৈ গৈছে কিছুমান প্ৰশ্ন।

কিয়নো গুৱাহাটীৰ খানাপাৰাস্থিত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখৰ অসম বিজ্ঞান কেন্দ্ৰৰ কাষতে লাগি থকা ট্ৰেফিক পইন্টত বৃহস্পতিবাৰে দিন দুপৰত দেখা নগ’ল এজনো যান-বাহন আৰক্ষী। দিনৰ ১২ বজাৰ পৰা প্ৰায় এঘন্টা সময় আমি উক্ত স্থানত আছিলো যদিও কোনো আৰক্ষীক দেখা পোৱা নাছিলো।

উক্ত ট্ৰেফিক পইন্টৰ চাৰিওফালৰ পৰা অহৰহ যান-বাহন চলাচল কৰি কৰি থাকে। খানাপাৰা, বেলতলা, ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ– এই চাৰিও দিশৰ সংযোগস্থল উক্ত ট্ৰেফিক পইণ্ট। কিন্তু উক্ত সংযোগস্থলত খালী হৈয়েই পৰি ৰ’ল যান-বাহন আৰক্ষী থিয় হৈ যান-বাহন নিয়ন্ত্ৰণ কৰা গৃহটো।

আনহাতে, বৰ্তমান গৰমৰ বন্ধৰ সময়। গতিকে অন্য সময়ৰ তুলনাত বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল আহি ভিৰ কৰিছেহি আঞ্চলিক বিজ্ঞান কেন্দ্ৰত। তেনে পৰিপ্ৰেক্ষিতত ৰাস্তা পাৰ হোৱাৰ ক্ষেত্ৰত কেন্দ্ৰটো চাবলৈ অহা লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়।

Guwahati traffic point ট্ৰেফিক পইণ্ট runs without police
গুৱাহাটীৰ ধৰাশায়ী ট্ৰেফিক লাইট।

“ইমান স্পীডত বাহনসমূহ আহি আছে, কিন্তু কোনো ধৰণৰ যান-বাহন আৰক্ষী এজন ইয়াত নাই। আনফালেদি ল’ৰা-ছোৱালীবোৰ ৰাস্তা পাৰ হওঁতে যদি কেনেবাকৈ দুৰ্ঘটনা সংঘটিত হয় তেন্তে কোনে ৰিস্ক ল’ব? ট্ৰেফিক লাইটো নজ্বলে,” এই মন্তব্য অনন্ত বৈৰাগী নামৰ এজন লোকৰ।

ইয়াৰোপৰি, পুতলাৰ নিচিনাকৈ ওলোমাই ৰখা হৈছে ট্ৰেফিক লাইটকেইটা। কিছুমান ট্ৰেফিক লাইট পৰি ৰৈছে ৰাস্তাৰ দাঁতিত।

উক্ত অঞ্চলৰে এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে জানিবলৈ দিয়া অনুসৰি বিগত প্ৰায় ২-৩ বছৰে সক্ৰিয় নহয় উক্ত স্থানৰ ট্ৰেফিক লাইটকেইটা। লগতে খানাপাৰাৰ পৰা এ বি চি-পৰ্য্যন্ত এটা ট্ৰেফিক লাইটো বৃহস্পতিবাৰে সক্ৰিয় অৱস্থাত দেখিবলৈ পোৱা নগ’ল।

ডাউন-টাউনৰ ট্ৰেফিক লাইট মাজে-সময়ে জ্বলে যদিও বৰ্তমানো অন্য ট্ৰেফিক লাইটসমূহ যেন এনেই ওলোমাই ৰখা হৈছে ৰাজপথৰ মাজত।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, প্ৰস্তাৱিত ‘স্মাৰ্ট চিটি’ৰ অন্তৰ্গত ‘স্বয়ংক্ৰিয়ভাৱে’ জ্বলি উঠা ট্ৰেফিক লাইটৰ ব্যৱস্থা ব্যস্ততাপূৰ্ণ এ বি চিত কৰাৰ কথা আছিল যদিও হৈ উঠা নাই সেই ব্যৱস্থা। তাত বৰ্তমানো হাতৰ অংগি-ভংগিৰে বাহনসমূহক নিৰ্দেশনা দিয়ে আৰক্ষীয়ে।

“এনেই যান-জঁট, তাতে আকৌ ট্ৰেফিক লাইট নজ্বলে। তেনে পৰিপ্ৰেক্ষিতত কেনেকৈ যাত্ৰীসকল জি এছ ৰোডেদি অহা-যোৱা কৰিব?” প্ৰশান্ত বৰ্মন নামৰ অনিল নগৰৰ এজন লোকে আমাৰ সাংবাদিকক এইদৰে কয়।

স্বাভাৱিকতে প্ৰশ্ন হয়, ট্ৰেফিক ব্যৱস্থাৰ এনে সোপা-ঢিলা নীতিৰে কেনেকৈ গুৱাহাটীক স্মাৰ্ট চিটি ৰূপ দিব পৰিৱৰ্তনকামী বিজেপি চৰকাৰে?

ট্ৰেফিক লাইট ও যান-বাহন আৰক্ষীৰ সন্দৰ্ভত সুধিবৰ বাবে আমি যান-বাহন সহকাৰী উপ আৰক্ষী আয়ু্ক্ত হিৰণ্য কুমাৰ বৰ্মনক যোগাযোগৰ চেষ্টা কৰিছিলো যদিও তেওঁক ফোনত পোৱা নগ’ল।