NORTHEAST NOW (Assamese)

প্ৰতিবাদ দমনৰ লক্ষ্যৰে মহানগৰীত ১৪৪ ধাৰা জাৰি প্ৰশাসনৰ

January 10, 2019 5:48 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

নগাৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ বিৰোধিতা কৰি ৰাজ্যত সবৰ্তে ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ এই প্ৰতিবাদ দমনৰ বাবে তৎপৰ হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আৰক্ষী-প্ৰশাসন।

আৰক্ষী বিষয়া ড০ ৰমণদ্বীপ কৌৰে আজি জাৰি কৰা এক নিৰ্দেশনা জৰিয়তে গুৱাহাটী মহানগৰীত ১৪৪ ধাৰা জাৰি কৰিছে। দিচপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাঁও থানাত এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে। লগতে সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানা এলেকাটো প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।

জাৰি কৰা ১৪৪ ধাৰা মতে কোনো ঠাইত ৫ জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব। লগতে মহানগৰীৰ কোনো ঠাইত ধৰ্ণা, শ্ল’গান দিব নোৱাৰবি।

উল্লেখযোগ্য যে জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্য উত্তাল হৈ পৰিছে। বিভিন্ন দল-সংগঠন, ছাত্ৰ-ছাত্ৰীয়ে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তুলিছে সমগ্ৰ ৰাজ্যৰ পৰিৱেশ।

ফলত মহানগৰ আৰক্ষী-প্ৰশাসনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি জনোৱা এই প্ৰতিবাদী কাৰ্যসূচী দমন কৰাৰ স্বাৰ্থতে জাৰি কৰিছে ১৪৪ ধাৰা।

Related News