NORTHEAST NOW (Assamese)

প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে গুৱাহাটীৰ যুৱকে

November 11, 2023 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 12, 2023 8:10 am

প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে গুৱাহাটীৰ ফুকলীয়া যুৱকে।

শনিবাৰে গুৱাহাটীত এজন যুৱকে আত্মহত্যা কৰাৰ দুখজনক খবৰ পোহৰলৈ আহিছে।

নিহত যুৱকজনৰ ঘৰ কাহিলীপাৰাৰ সমীপৱৰ্তী ওদালবাক্ৰা অঞ্চলত। 

প্ৰেমজনিত কাৰণত যুৱকজনে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

নিহত যুৱকজন ৰোহিত চাংমা। 

জানিব পৰা মতে ৰোহিতৰ বয়স নামৰ ২২ বছৰ।

তেওঁ এই চৰম পদক্ষেপ লোৱাৰ আঁৰৰ কাৰণ প্ৰেম সম্পৰ্কীয় বুলি ধাৰণা কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

এই দুখজনক ঘটনাই স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে।

Related News