গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২০ বর্ষৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা

প্রেছ ক্লাব

সংবাদ মেলৰ দৃশ্য, ফ'টো- দ্বীপজ্যোতি শৰ্মা

গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২০বর্ষৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা।

মুঠ ৭৯৮ গৰাকী ভোটাৰে নিৰ্বাচন কৰিব গুৱাহাটী প্ৰেছ ক্লাৱৰ ১০গৰাকী সদস্য। তাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ১২ মার্চৰ পুৱা ১০বজা পৰা আবেলি ৪ বজাৰ ভিতৰত। সেইদিনাই আবেলি ৫ বজাত অনুষ্ঠিত হ’ব ভোট গণনা আৰু ৰাতিলৈ ঘোষণা কৰা হ’ব ফলাফল।

গুৱাহাটী প্ৰেছ ক্লাৱত সম্বোধন কৰা সংবাদ মেলখনত প্ৰশান্ত হাজৰিকাই কয় “মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন।তাৰে উপ-সভাপতি আৰু সহ-সাধাৰণ সম্পাদকৰ পদ দুটা মহিলাৰ বাবে সংৰক্ষিত৷

নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীসকলে আজি দিনৰ ২ বজাৰ পৰা ১ মাৰ্চৰ আবেলি ৩ বজাৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ।

প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব ২ মাৰ্চৰ আবেলি ৩ বজাত। সেই দিনাই সন্ধিয়া ৬ বজাত প্ৰাৰ্থী আংশিক তালিকা প্ৰকাশ কৰা হ’ব।

আনহাতে যদি কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰে তাৰ বাবে ৩ মার্চৰ আবেলি তিনি বজাৰ ভিতৰত ৩ উঠাই ল’ব লাগিব।

৪ মার্চত দিনৰ ১২ বজাত প্ৰকাশ কৰা হ’ব প্ৰাৰ্থীৰ চূড়ান্ত তালিকা। এই কথা জানিবলৈ দিয়ে নিৰ্বাচন কমিটি আহ্বায়ক অজিত পাটোৱাৰীয়ে।

সুদীৰ্ঘ ১৮ বছৰৰ পিছত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনক লৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ ভোটাৰসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ।

তাৰ মাজতে বহু ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ সুবিধা নোপোৱাৰো অভিযোগ উঠিছে। সেই সন্দৰ্ভত মুখ্য আহ্বায়ক প্ৰশান্ত হাজৰিকাই কয় “বঞ্চিত ভোটাৰসকলক আবেদনৰ বাবে অতিৰিক্ত দুটা দিন ২৯ ফেব্ৰুৱাৰীলৈকে দিয়া হৈছে সুবিধা। বঞ্চিত ভোটাৰসকলৰ অভিযোগ গ্ৰহণ কৰিবলৈ গঠন কৰা হ’ব অভিযোগ কোষ।তাতে তেওঁলোকৰ অভিযোগ সমূহ দিব পাৰিব।”

সংবিধানৰ article 4 অনুসৰি Executive Editor, Deputy Editor, Joint Editor, Consultant  Editor, Managing  Editor, Chief  Associate  Editor, Chief Associate  Editor,  Sr. Associate  Editor, Associate  Editor, Chief  news editor, news editor, bureau chiefৰ ভোটাধিকাৰ থাকিব৷

যিসকল জেষ্ঠ সাংবাদিকে এতিয়াও আবেদন কৰা নাই অহা ২ দিনৰ ভিতৰত তেওলোকে আবেদন কৰিব পাৰিব ৷

সংবাদ মেলত নিৰ্বাচনী অধিসূচনা কথা ঘোষণা কৰি ৰিটাৰি্ং বিষয়া বিজন মহাজনৰ ওচৰত অপৰ্ণ কৰে নিৰ্বাচনৰ সমগ্ৰ দায়িত্ব। সেই দায়িত্ব গ্ৰহণ কৰি বিজন মহাজনে কয় “সুদীৰ্ঘ ১৮বছৰৰ পিছত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হবলৈ যোৱাটো ভাল কথা। নিৰ্বাচন সম্পূৰ্ন নিকা-স্বচ্ছ হ’ব তাত কোনো প্ৰশ্নবোধক চিন থাকিব নোৱাৰে।”