সমন্বয়ৰ বাৰ্তা লৈ কয়াকুছিত লাউচৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰী

সমন্বয়ৰ বাৰ্তা কঢ়িয়াই মঙলবাৰে বৰপেটা জিলাৰ কয়াকুছিত উপস্থিত হয় সুদুৰ লাউচত প্ৰতিষ্ঠিত ব্যৱসায়ী হবলৈ সক্ষম হোৱা অসমৰ সু-সন্তান হাবিব মহম্মদ চৌধুৰী ৷

বৰপেটা জিলাৰ কয়াকুছিত মঙলবাৰে অনুষ্ঠিত এখন সজাগতা সভাত অংশগ্ৰহণ কৰি সমন্বয়ৰ বাৰ্তা বিলায় হাবিব মহম্মদ চৌধুৰীয়ে ৷

“ভয়ৰ পৰা স্বাধীনতা” শীৰ্ষক সজাগতা সভাখনত অংশগ্ৰহণ কৰাৰ বাবে গুৱাহাটীৰ পৰা কয়াকুছিলৈ হেলিকপ্টাৰেৰে আহে প্ৰতিষ্ঠিত ব্যৱসায়ী গৰাকীয়ে ৷

কয়াকুছি বজাৰ প্ৰাংগনত মঙলবাৰে বিয়লি অনুষ্ঠিত সজাগতা সভাত অংশগ্ৰহণ কৰি হাবিব মহম্মদ চৌধুৰীয়ে জে এফ ফাউণ্ডেচনে বিগত সময়চোৱাত কৰি অহা কাম কাজৰ ওপৰত মন্তব্য আগবঢ়ায় ৷

ৰাজ্যৰ ত্ৰিশ গৰাকী যুৱক-যুৱতীক বহি:ৰাষ্ট্ৰত বিভিন্ন শিক্ষা গ্ৰহণ কৰাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ কয় ৷

লগতে নৱ প্ৰজন্ম উপযুক্ত শিক্ষাৰে শিক্ষিত হলেহে ভয়ৰ পৰা স্বাধীনতা পাবলৈ সক্ষম হ’ব বুলিও চৌধুৰীয়ে মত ব্যক্ত কৰি  একাংশ ৰাজনৈতিক নেতা আৰু ধৰ্মীয় গুৰুসকলে ভয় দেখুৱাই থাকিব আৰু এই ভয়ৰ বাবে জাতিটোৰ উন্নতি নহ’ব বুলি কয়।

উল্লেখ যোগ্য যে, হাবিব মহম্মদ চৌধুৰীৰ জে এফ ফাউণ্ডেচনে বিগত সময়ছোৱাত দুখীয়া ৰাইজক বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে ৷

শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা কামত সম্প্ৰতি ব্ৰতী হৈ আছে জে এফ ফাউণ্ডেচন ৷ এই উদ্দেশ্যে আজি কয়াকুছিৰ সজাগতা সভাত অংশ গ্ৰহণ কৰে হাবিব মহম্মদ চৌধুৰীয়ে ৷