ভাৰতৰ আধাসংখ্যক মানুহেই ‘আনফিট’ : প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

লেন্সেট গ্ল’বেল হেলথ জাৰ্নেলৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য।

প্ৰতিবেদন অনুসৰি ভাৰতৰ আধা সংখ্যক প্ৰাপ্তবয়স্ক নাগৰিক শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ নহয়। ভাৰতৰ বেছিভাগ মহিলাই নিজৰ কামৰ পৰা আঁতৰি থাকে বুলিও দাবী কৰিছে প্ৰতিবেদনটোত। ফলত তেওঁলোকৰ শাৰীৰিক অক্ষমতা বাঢ়িছে।

২০২২ চনলৈকে এক সমীক্ষা চলোৱাৰ পিছত এই প্ৰতিবেদন প্ৰকাশ কৰিছে লেন্সেটে। ইয়াত কোৱা হৈছে যে ভাৰতৰ ৫০ শতাংশ প্ৰাপ্তবয়স্ক নাগৰিক পুৰুষ বা মহিলা যিয়েই নহওক কিয়, শাৰীৰিকভাৱে ‘অক্ষম’।

আনহাতে ৫৭ শতাংশ ভাৰতীয় মহিলাই প্ৰয়োজন অনুসৰি শাৰীৰিক ক্ৰিয়া-কলাপ নকৰে। এইক্ষেত্ৰত পুৰুষৰ স্ক’ৰ অলপ ভাল।

অৰ্থাৎ ঘৰুৱা শ্ৰমৰ ক্ষেত্ৰত ভাৰতীয় পুৰুষ ১৪ শতাংশ আগবাঢ়ি আছে। ‘এলেহুৱা’ৰ তালিকাত দক্ষিণ এছিয়াৰ ভিতৰত দ্বিতীয় স্থানত আছে ভাৰত। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য বিশেষজ্ঞসকলো একমত।

কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই যন্ত্ৰ নিয়ন্ত্ৰিত নগৰীয়া সভ্যতাৰ বলি। বিশ্বৰ এক তৃতীয়াংশ (৩১.৩) প্ৰাপ্তবয়স্ক ব্যক্তিয়ে পৰ্যাপ্ত শাৰীৰিক কাৰ্য্যকলাপত লিপ্ত নহয়।

আধুনিক বিজ্ঞানে কয় যে এসপ্তাহত কমেও ১৫০ মিনিট মধ্যমীয়া ব্যায়ামৰ দ্বাৰা শৰীৰ সুস্থ হৈ থাকে। আনহাতে, সপ্তাহত কমেও ৭৫ মিনিট জোৰদাৰ শাৰীৰিক পৰিশ্ৰম কৰাটো অতি প্ৰয়োজনীয়।

প্ৰতিবেদন অনুসৰি ২০১০ চনৰ তুলনাত কাম কৰাৰ প্ৰৱণতা ৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে।

স্বাস্থ্য বিশেষজ্ঞসকলে দাবী কৰিছে যে শাৰীৰিক ক্ৰিয়া-কলাপহীনতাৰ বাবে ৰোগ বৃদ্ধি পাইছে। বিশেষকৈ ইয়াৰ ফলত লাখ লাখ লোক হৃদৰোগ, মধুমেহ ৰোগত আক্ৰান্ত হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাইও দাবী কৰে যে শাৰীৰিক নিষ্ক্ৰিয়তা, মানসিক চাপ আৰু অস্বাস্থ্যকৰ জীৱনশৈলী আধুনিক যুগৰ আটাইতকৈ ডাঙৰ ‘মহামাৰী’। ইয়াৰ বিনামূলীয়া ঔষধ হৈছে শাৰীৰিক পৰিশ্ৰম।