NORTHEAST NOW (Assamese)

পাকিস্তানত পৰিৱৰ্তনৰ লহৰ! প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ হামজা শ্বাহবাজ হ’ল পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী

April 17, 2022 8:14 am · এন ই নাও নিউজ, গুৱাহাটী
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ আৰু তেওঁৰ পুত্ৰ পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হামজা শ্বাহবাজ।

পাকিস্তানৰ ৰাজনীতিত পৰিৱৰ্তনৰ লহৰ আৰম্ভ হৈছে! শ্বাহবাজ শ্বৰিফ দেশখনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত এইবাৰ পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে পাকিস্তান মুছলীম লীগ-নৱাজৰ (পিএমএল-এন)নেতা হামজা শ্বাহবাজ। তেওঁ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ ।

শনিবাৰে সদনত এক হুলস্থুলীয়া পৰিস্থিতিৰ পিছত হামজা শ্বাহবাজক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হয়।

হামজা শ্বাহবাজে ১৯৭টা ভোট লাভ কৰি নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। ইয়াৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী পাৰভেজ এলাহীয়ে কোনো ভোট লাভ নকৰিলে। কিয়নো তেওঁৰ দল পিএমএল-কিউ আৰু পিটিআই-য়ে এই নিৰ্বাচন বৰ্জন কৰে।

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই?

ইয়াৰ পূৰ্বে ভোটগ্ৰহণৰ আগমুহূৰ্তত সংসদত উপাধ্যক্ষ দোস্ত মহম্মদ মাজাৰিক আক্ৰমণ কৰাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পিটিআই দলৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি উপাধ্যক্ষ মাজাৰিয়ে কয় যে এই দিনটোৱে গণতন্ত্ৰৰ সফলতাক তুলি ধৰে। তদুপৰি, হুলস্থুলীয়া পৰিস্থিতিৰ পিছতো ভোটদানত অংশ লোৱা সাংসদসকলৰ ইতিবাচক ভূমিকাৰ তেওঁ শলাগ লয়।

লগতে পঢ়ক: সাম্প্ৰদায়িক হিংসাকলৈ মৌন মোদী: ১৩ বিৰোধী দলৰ নেতাৰ বিবৃতি প্ৰকাশ

হামজা শ্বাহবাজ পাঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী হোৱা পৰিয়ালৰ তৃতীয়গৰাকী সদস্য হিচাপে চিহ্নিত হৈছে। ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ শ্বাহবাজ শ্বৰিফ আৰু তেওঁৰ খুড়াক প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফ পাঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।

Related News