বাফ্ৰেডৰ উদ্যোগত তামুলপুৰত বিশেষ হস্ত-তাঁত বস্ত্ৰ মেলা-২০২১ আৰম্ভ

'' ছাঁতে শুকোৱা হাততে লুকুৱা " কাপোৰ বৈ অসমীয়া নাৰীয়ে গৌৰৱ অটুত ৰাখিছে- প্ৰফুল্ল চন্দ্ৰ মহন্ত

IMG-20210219-WA0008

 তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গনত  বাফ্ৰেডৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ষোল দিনীয়া  বিশেষ হস্ত-তাঁত বস্ত্ৰ মেলা-২০২১ ।  বৃহস্পতিবাৰে আবেলি চাৰে তিনি বজাত বন্তি প্ৰজ্বলন কৰি হস্ত-তাত বস্ত্ৰ মেলাৰ শুভ উদ্বোধন  কৰে তামুলপুৰৰ সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ মহন্তই ।

উদ্বোধনী ভাষণত মহন্তই কয় –  “ছাঁতে শুকোৱা হাততে লুকুৱা  ” কাপোৰ বৈ অসমীয়া নাৰীয়ে গৌৰৱ অটুত ৰাখিছে । ৰাতিৰ ভিতৰতে কাপোৰ বৈ  অসমীয়া নাৰীয়ে  অসমীয়া ডেকাৰ বাবে ৰক্ষা কৱচ নিৰ্মাণ কৰি যুঁজলৈ পঠিয়াইছিল । বক্তব্য প্ৰসঙ্গত  মহন্তই কয় – বিভিন্ন সভা ,সমিতিত লাখ লাখ গামোচা বিক্ৰি হয় আৰু এইবিলাক কিন্তু বাহিৰৰ পৰা আমদানি কৰি অনা বস্ত্ৰ ।

অনুষ্ঠানত বাফ্ৰেডৰ পৰিচালন সঞ্চালক ৰঞ্জিত ডেকাই অংশ গ্ৰহণকৰি কয় কয় – ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ  সহযোগত  বাফ্ৰেডৰ উদ্যোগত বিটিচি অঞ্চলৰ শিপিনী সকলক আদৰ্শ শিপিনী হিচাবে মৰ্যদা প্ৰদান কৰাৰ বাবে  এনে  ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

শিপিনীসকল  যাতে কাপোৰ ব’ই বজাৰত বিক্ৰি কৰি স্বাৱলম্বী হব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে । আজিৰ বজাৰৰ  চাহিদা অনুসৰি বস্ত্ৰ নিৰ্মান কৰাৰ  বাবেও তেওঁ শিপিনী সকলক আহ্বান  জনায়। মেচিনত বনোৱা দখনা, মেখেলা-চাদৰ আদি বৰ্জন কৰি থলুৱাভাৱে নিৰ্মান কৰা বস্ত্ৰ ব্যৱহাৰ কৰাৰ বাবেও তেওঁ আহ্বান জনায়।

স্থানীয়ভাৱে শিপিনী সকলে বনোৱা কাপোৰকহে গুৰুত্ব প্ৰদান কৰা হৈছে বাফ্ৰেডৰ দ্বাৰা। স্থানীয় ভাৱে উৎপাদিত সামগ্ৰীত লেবেল লগোৱাৰ আহ্বান জনাই সঞ্চালক গৰাকীয়ে কয় – লেবেল লগালে গ্ৰাহকৰ মনত বিশ্বাস জন্মে।

থলুৱা ভাৱে  উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে গুৱাহাটীত বজাৰ খোলা হৈছে বুলি সদৰী কৰি তেওঁ এনে বজাৰৰ জৰিয়তে শিপিনী সকলক সুবিধা লোৱাৰ বাবে আহ্বান জনায়। বিহু অনুষ্ঠানত কেতিয়াও বাহিৰৰ পৰা আমদানি কৰা গামোচা যাতে ব্যৱহাৰ কৰা নহয় তাৰ বাবেও সচেতন হোৱাৰ লগতে গাওৰ বোৱাৰী বিলাকেও ঘৰত বোৱা মেখেলা-চাদৰ পিন্ধিহে বিয়া সবাহত অংশ গ্ৰহণ কৰে তাৰো আহ্বান জনায়।

তেওঁ কয়- কাপোৰ ব’ই জীৱন নিৰ্বাহ কৰা বহু পৰিয়াল আছে আমাৰ অসমত। বোৱনী সকলে যাতে উপযুক্ত মুল্য পায় তাৰ বাবেঈ এনে বস্ত্ৰমেলা অনুষ্ঠিত কৰা হৈছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।  অনুষ্ঠানত অংশ গ্ৰহণ কৰি  তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি  নৱকুমাৰ মজুমদাৰে বস্ত্ৰ উৎপাদনৰ কলা কৌশল প্ৰয়োগ কৰি উন্নত বস্ত্ৰ উৎপাদন কৰি বজাৰ দখল কৰি স্বাৱলম্বী হবলৈ শিপিনীসকলক আহ্বান জনায় ।

বৃন্দাৱনী বস্ত্ৰৰ উৎপাদনৰ কথা উল্লেখ কৰি অসমীয়া নাৰীৰ শিল্পী প্ৰতিভা  এক অনন্য প্ৰতিভা বুলি মজুমদাৰে ব্যক্ত কৰে । অনুষ্ঠানত অংশ গ্ৰহণ কৰি  তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি গিৰীশ মহন্তই কয় – হস্ত নিৰ্মিত বস্ত্ৰ বজাৰত ক্ৰয় কৰিলে আমাৰ থলুৱা শিল্পীসকল উপকৃত হব ।

অনুষ্ঠানত শিল্পী  নৰহৰি মহন্তয়ো বক্তব্য প্ৰদান কৰে।  তামুলপুৰৰ যুৱ সমাজকৰ্মী তথা শিল্পী শ্যামল দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ স্থায়ী সমিতিৰ সভাপতি নৱকুমাৰ মজুমদাৰ , হৰি মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক গিৰিশ মহন্ত , অৱসৰপ্ৰাপ্ত শিক্ষক নৰহৰি মহন্ত,  বিপুল মহন্তৰ উপৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল  উপস্থিত থাকে।