NORTHEAST NOW (Assamese)

এইবাৰ ৰাজনীতিৰ ফিল্ডত হৰভজন সিঙ: হ’ব আম আদমী পাৰ্টীৰ ৰাজ্য সভাৰ প্ৰাৰ্থী

March 17, 2022 3:59 pm · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ৰাজনীতিৰ খেলপথাৰত স্পীনৰ যাদু দেখাব হৰভজন সিঙে। তাৰকা অফস্পীনাৰগৰাকীক ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰক্ষেপ কৰিব আম আদমী পাৰ্টিয়ে।

বুধবাৰে ভগৱ্ন্ত সিং মানে পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে।

জানিব পৰা মতে, পঞ্জাৱৰ ক্ৰীড়াৰ মান উন্নত কৰাৰ উদ্দেশ্যেই ভগৱন্ত মান তথা আপে প্ৰাক্তন অফস্পীনাৰগৰাকীক সাংসদ হিচাপে বিচাৰিছে।

ইয়াৰ পূৰ্বেও এনেদৰে কেইবাবাৰো হৰভজন সিঙ বাতৰিৰ শিৰোনামালৈ আহিছিল।

পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কংগ্ৰেছত যোগদান কৰিব বুলি তীব্ৰ চৰ্চা চলিছিল।

আনহাতে, চলিত মাহৰ শেষৰ ফালে ৰাজ্যসভা নিৰ্বাচন হ’ব লগা পঞ্জাৱত পাঁচখনকৈ আসন আছে।

ইতিমধ্যে আটাইকেইখন আসনৰ বাবে আপে প্ৰস্তুতি অব্যাহত ৰাখিছে।

Related News