NORTHEAST NOW (Assamese)

হাৰ্দিক-নটাশাৰ বিচ্ছেদৰ চৰ্চা! ইনষ্টাগ্ৰামযোগে পাণ্ডিয়া পত্নীয়ে দিলে দেশ এৰাৰ ইংগিত

July 17, 2024 10:10 am · এন ই নাও নিউজ, গুৱাহাটী

টি-২০ বিশ্বকাপৰ পূৰ্বৰে পৰা হাৰ্দিক পাণ্ডিয়া আৰু নটাশা ষ্টেনকভিকৰ মাজত বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰি আহিছে৷ ভাৰতে বিশ্বকাপ জয় কৰাৰ পাছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। আনকি, প্ৰতিদিনে দুয়োৰে মাজত ব্যৱধান বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি দুয়োকে একেলগে দেখা পোৱা যোৱা নাই।

কিছুদিনৰ মাজতে হাৰ্দিকক এগৰাকী যুৱতীৰ লগত দেখা গৈছিল। নাম প্ৰাচী সোলংকি,পেছাত তেওঁ এগৰাকী মেকআপ আৰ্টিষ্ট। তেওঁ হাৰ্দিকৰ সৈতে এটা ভিডিঅ’ পোষ্ট কৰে। তাত তেওঁ লিখিছিল, “বিশ্বকাপৰ নায়কক লগ পোৱাৰ সময়ত।” দুয়োকে একেলগে দেখি বহুতে মন্তব্য কৰিলে যে হাৰ্দিক পাণ্ডিয়া নতুন সম্পৰ্কত আছে। ইফালে নাটাশাই ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ইংগিতধৰ্মী পোষ্ট দি নেটিজেনক বিচ্ছেদৰ কথা ভাবিবলৈ বাধ্য কৰাইছে৷

শেহতীয়াকৈ তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত এখন ছবি দিছিল।ছবিখনত পেক কৰা ট্ৰলী বেগ এখন দেখা গৈছে৷ ছবিখনৰ সৈতে তেওঁ লিখিছে যে বছৰৰ সেই সময় আহি পৰিছে। বুজা গৈছে যে তেওঁ ক’ৰবালৈ গৈ আছে। নাটাশা এই ছবিখন দেখি বহুতে কল্পনা কৰিছে যে নাটাশা হয়তো ছাৰ্বিয়াত থকা পিতৃৰ ঘৰলৈ গুচি যাব। কিন্তু সঁচাকৈ তেওঁ দেশ এৰি পিতৃৰ ঘৰলৈ গৈ আছে নে নাই সেয়া সুস্পষ্ট নহয়৷

বিশ্বকাপ জয় কৰি ঘৰলৈ উভতি অহাৰ পাছতো নাটাশাক দেখা পোৱা নগ’ল।পুত্ৰ অগস্ত্যৰ লগত হাৰ্দিকে সময় কটালে। তেওঁ নিজৰ বিশ্বকাপৰ পদক পুত্ৰৰ ডিঙিত পিন্ধাইছিল। পুত্ৰক হাৰ্দিকে একমাত্ৰ প্ৰেম বুলি ক’লে। হাৰ্দিকৰ এই মন্তব্যয়ো ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ চৰ্চাক নতুন মাত্ৰা দিছিল৷

Related News