NORTHEAST NOW (Assamese)

ব’ৰ্ডৰ সৈতে হোৱা গোপন চুক্তিতে হাৰ্দিকৰ মুখ ৰক্ষা, স্থান পালে কেন্দ্ৰীয় চুক্তিত! ফাদিল বিস্ফোৰক ৰিপোৰ্ট

March 1, 2024 2:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ঘৰুৱা ক্ৰিকেট নেখেলাৰ ভিত্তিতে ব’ৰ্ডৰ কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়া হৈছে শ্ৰেয়াছ আয়াৰ-ঈশান কিষাণক। ক্ৰিকেট মহলত ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু একে ভিত্তিতে হাৰ্দিক পাণ্ডিয়াই ব’ৰ্ডৰ চুক্তিত স্থান লাভ কৰিছে। ঘৰুৱা ক্ৰিকেটতো খেলা নাছিল। তেন্তে একেটা যাত্ৰাত কেনেকৈ বেলেগ বেলেগ ফলাফল হ’ব পাৰে?

ব’ৰ্ডৰ দ্বৈত নীতিক লৈ ৰাজহুৱাভাৱে প্ৰশ্ন উত্থাপন কৰিছে ইৰফান পাঠানে। প্ৰাক্তন তাৰকাগৰাকীয়ে বিস্ফোৰক টুইটযোগে লিখিছে, ‘শ্ৰেয়াছ আৰু ঈশান দুয়োজনেই প্ৰতিভাৱান ক্ৰিকেটাৰ। আশাকৰোঁ তেওঁলোকে চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰিব। কিন্তু হাৰ্দিক পাণ্ডিয়াৰ দৰে ক্ৰিকেটাৰে যদি ৰেড বল ক্ৰিকেট খেলিব নিবিচাৰে, তেন্তে ৰাষ্ট্ৰীয় দলৰ হৈ খেলা নথকা সময়ত কোনে অংশগ্ৰহণ কৰিব? যদি সকলোৰে বাবে নিয়ম সমান নহয়, তেন্তে ভাৰতীয় ক্ৰিকেট আগবাঢ়িব নোৱাৰে।”

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি হাৰ্দিকে ৰাষ্ট্ৰীয় দলৰ হৈ সীমিত অভাৰৰ ক্ৰিকেট খেলিব নোৱাৰিলে বৰোদাৰ হৈ চৈয়দ মুস্তাক আলী আৰু বিজয় হাজাৰেৰ ট্ৰফীত অংশগ্ৰহণ কৰিব বুলি ব’ৰ্ডক আশ্বাস দিছে।

লগতে পঢ়কঃ গুগলৰ বিৰুদ্ধে ৩২টা সংবাদ গোষ্ঠীৰ গোচৰ; ২৩০ কোটি ডলাৰ ক্ষতিপূৰণ দাবী

শেহতীয়াকৈ ব’ৰ্ডৰ বৈঠকত ঈশান-শ্ৰেয়াছে খেলিব নোৱাৰাৰ উপৰিও ঘৰুৱা ক্ৰিকেটত হাৰ্দিকৰ অনুপস্থিতিৰ বিষয়েও আলোচনা কৰা হৈছিল। যোৱা বিশ্বকাপত বাংলাদেশৰ খেলখনত আঘাতপ্ৰাপ্ত হৈ প্ৰতিযোগিতামূলক ক্ৰিকেটৰ পৰা আঁতৰি আছিল হাৰ্দিক। আঘাতৰ পৰা সুস্থ হৈ উঠিলেও যোৱা সপ্তাহলৈকে ঘৰুৱা ক্ৰিকেট খেলা নাছিল।

অৱশেষত ৰিলায়েন্স দলৰ হৈ ডি ৱাই পাটিল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ঈশান কিষানৰ দৰে তেওঁৱো ব্যক্তিগতভাৱে অনুশীলন কৰি থাকিল। কিন্তু পাৰ্থক্যটো হ’ল, হাৰ্দিকে নিজৰ ফিটনেছৰ সন্দৰ্ভত এনচিএৰ সৈতে অহৰহ যোগাযোগ কৰি আহিছে। ঈশান কিষানে যিটো নকৰিলে।

বিচিচিআইৰ এজন শীৰ্ষ বিষয়াই কয় যে হাৰ্দিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব নোৱাৰিলে ঘৰুৱা ক্ৰিকেট খেলিব, সেই বিষয়ে তেওঁ বিচিচিআইক আশ্বাস দিছে।

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়েও বিমুখ কৰিলে চিবিআইক; শীঘ্ৰেই অ’টিটিত শ্বীনা বৰা হত্যাকাণ্ডৰ ৰহস্য!

ইণ্ডিয়ান এক্সপ্ৰেছক ব’ৰ্ডৰ বিষয়াগৰাকীয়ে কয়, ‘হাৰ্দিকৰ সৈতে আমাৰ আলোচনা হৈছে। সময় আহিলে ঘৰুৱা ক্ৰিকেট খেলিব বুলি আমাক জনাইছিল। ব’ৰ্ডৰ চিকিৎসা দলৰ পৰ্যবেক্ষণ অনুসৰি আঘাতৰ পৰা সদ্য সুস্থ হৈ উঠা হাৰ্দিক ৰেডবল ক্ৰিকেট খেলাৰ বাবে উপযুক্ত নহয়। গতিকে হাৰ্দিকে ৰঞ্জিত খেলাৰ কোনো প্ৰশ্নই উত্থাপন নহয়। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় মেচ খেলিলে ঘৰুৱা পৰ্যায়ত বগা বল প্ৰতিযোগিতা খেলিব লাগিব। অন্যথা তেওঁকো চুক্তিৰ পৰা বাদ দিয়া হ’ব।’

ফিউচাৰ ট্যুৰছৰ কাৰ্যসূচী অনুসৰি আগন্তুক ছিজনত ভাৰতৰ ক্ৰিকেট সূচী ভৰপূৰ। ঘৰুৱা ক্ষেত্ৰত বাংলাদেশৰ বিৰুদ্ধে একমাত্ৰ টি-২০ ছিৰিজ। আৰু ঘৰুৱা পৰ্যায়ত বিজয় হাজাৰে, চৈয়দ মুস্তাক আলী ট্ৰফী যেতিয়া অনুষ্ঠিত হব, তেতিয়া ভাৰতৰ সীমিত অভাৰৰ ফৰ্মেটত কোনো সূচী নাই। জানিব পৰা মতে, এই দুখন ঘৰুৱা প্ৰতিযোগিতাত হাৰ্দিকক অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছে।

লগতে যদি ক্ৰিকেটাৰজন ৰাষ্ট্ৰীয় দলৰ ছেটআপত নাথাকে তেন্তে সংশ্লিষ্ট ক্ৰিকেটাৰজনক ৰাজ্যিক ক্ৰিকেট সংস্থাক যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আকৌ ঘৰুৱা ক্ৰিকেটৰ সময়ত আই পি এল ফ্ৰেঞ্চাইজিয়ে একাধিক ৰাজ্যৰ ক্ৰিকেটাৰৰ সৈতে শিবিৰ আয়োজন কৰাৰ দৃষ্টান্ত দেখা গৈছে। যেনেকৈ শ্ৰেয়াছ আয়াৰে ৰঞ্জিত মুম্বাইৰ হৈ খেলাৰ সলনি কেকেআৰ শিবিৰত আছিল।

যদিও যোৱা ছিজনত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে শ্ৰেয়াছ আৰু ঈশান জাতীয় দলৰ সৈতে জড়িত আছিল, তথাপিও ঘৰুৱা ক্ৰিকেট নেখেলাৰ অপৰাধৰ বাবে তাৰকা দুজনক কেন্দ্ৰীয় চুক্তিৰ বাহিৰত ৰখা হৈছে। যাক লৈ বৰ্তমান দেশৰ ক্ৰিকেট মহল বিভক্ত। আনকি ব’ৰ্ডৰ সম্পাদক জয় শ্বাহৰ ৰাজহুৱা বক্তব্যৰ পিছতো শ্ৰেয়াছ-ঈশানে কোনো গুৰুত্ব দিয়া নাছিল।

Related News