আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ নেতৃত্বত পাণ্ডিয়া: প্ৰথমবাৰৰ বাবে দলত ৰাহুল ত্ৰিপাঠী

India Team against Ireland

আগন্তুক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বুধবাৰে ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআই- এ। মালাহাইডত ২৬ জুনৰ পৰা আৰম্ভ হ’বলগীয়া দুখনীয়া টি-২০ শৃংখলাটোৰ বাবে ঘোষিত দলটোৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক। আনহাতে ভুৱনেশ্বৰ কুমাৰক দলৰ সহ-অধিনায়ক হিচাপে বাচনি কৰা হৈছে।

উল্লেখ্য যে হাৰ্ডিক পাণ্ডিয়াই প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় দলক নেতৃত্ব দিব। সদ্যসমাপ্ত আই পি এলৰ ১৫ সংখ্যক সংস্কৰণত পাণ্ডিয়াই নৱাগত গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে ঈৰ্ষণীয় সফলতা লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে আই পি এলত অৱতীৰ্ণ হৈছে পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে জয় কৰিছিল আই পি এল খিতাপ।

ইফালে মহাৰাষ্ট্ৰৰ বেটাৰ ৰাহুল ত্ৰিপাঠীক প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ কৰা হৈছে। ঘৰুৱা ক্ৰিকেটৰ লগতে আই পি এলতো ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহাৰ পাছত অৱশেষত জাতীয় দলৰ দ্বাৰ মুকলি হ’ল ত্ৰিপাঠীৰ বাবে। বিশেষকৈ চলিত চিজনৰ আই পি এলত ত্ৰিপাঠীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। ইয়াৰ পিছতো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁক বাচনি নকৰাৰ বাবে বিচিচিআইক সমালোচনাৰ লক্ষ্য কৰিছিল ক্ৰিকেট অনুৰাগী সকলে।

আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত দললৈ উভতি আহিছে মধ্যক্ৰমৰ বেটাৰ সূৰ্যকুমাৰ যাদৱ। যাদৱৰ লগতে সঞ্জু চেমছনৰো দললৈ প্ৰত্যাৱৰ্তন ঘটিছে। উল্লেখ্য যে আই পি এলৰ পিছতে ঘোষিত দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় দলত চেমচনক স্থান নিদিয়াৰ বাবেও ক্ৰিকেট অনুৰাগী সকল অসন্তুষ্ট হৈছিল।

আনহাতে চলিত দক্ষিণ আফ্ৰিকা শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত স্থান দিয়া নাই বিচিচিআই- এ। পণ্ট এই সময়ছোৱাত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ বাবে ভাৰতীয় দলৰ অংশ হিচাপে থাকিব। পণ্টৰ লগতে লোকেশ ৰাহুল আৰু শ্ৰেয়স আয়াৰকো ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলত স্থান দিয়াৰ বাবে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত উপলব্ধ নহ’ব।

চলিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা পেচাৰদ্বয় উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙকো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত ৰখা হৈছে।

উল্লেখ্য যে আয়াৰলেণ্ডৰ বিৰুদ্ধে এই টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দ্বায়িত্বত থাকিব ভি ভি এচ লক্ষ্মণ। ভাৰতৰ টেষ্ট দলৰ সৈতে নিয়মীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ইংলেণ্ড ভ্ৰমণত ব্যস্ত থাকিব বাবে লক্ষ্মণক টি-২০ শৃংখলাটোত প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে। আয়াৰলেণ্ড ভ্ৰমণত ভাৰত ঘৰুৱা দল আয়াৰলেণ্ডৰ বিৰুদ্ধে ক্ৰমান্বয়ে ২৬ জুন আৰু ২৮ জুনত ডাবলিনত দুখন টি-২০ মেচত অংশ ল’ব।

ঘোষিত ভাৰতীয় দল: হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ (সহ-অধিনায়ক), ঈশান কিষণ, ৰুতুৰাজ গায়কোৱাড, সঞ্জু চেমছন, সূৰ্যকুমাৰ যাদৱ, ভেঙ্কটেশ আয়াৰ, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, ৰবি বিষ্ণৈ, হৰ্ষল পেটেল, আভেশ খান, অৰ্শদ্বীপ সিং, উমৰান মালিক।