• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ নেতৃত্বত পাণ্ডিয়া: প্ৰথমবাৰৰ বাবে দলত ৰাহুল ত্ৰিপাঠী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2022 8:48 am
India Team against Ireland
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে বুধবাৰে ভাৰতীয় দল ঘোষণা কৰিছে বিচিচিআই- এ। মালাহাইডত ২৬ জুনৰ পৰা আৰম্ভ হ’বলগীয়া দুখনীয়া টি-২০ শৃংখলাটোৰ বাবে ঘোষিত দলটোৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াক। আনহাতে ভুৱনেশ্বৰ কুমাৰক দলৰ সহ-অধিনায়ক হিচাপে বাচনি কৰা হৈছে।

উল্লেখ্য যে হাৰ্ডিক পাণ্ডিয়াই প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় দলক নেতৃত্ব দিব। সদ্যসমাপ্ত আই পি এলৰ ১৫ সংখ্যক সংস্কৰণত পাণ্ডিয়াই নৱাগত গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে ঈৰ্ষণীয় সফলতা লাভ কৰিছিল। প্ৰথমবাৰৰ বাবে আই পি এলত অৱতীৰ্ণ হৈছে পাণ্ডিয়াৰ নেতৃত্বত গুজৰাটে জয় কৰিছিল আই পি এল খিতাপ।

Apply Now

ইফালে মহাৰাষ্ট্ৰৰ বেটাৰ ৰাহুল ত্ৰিপাঠীক প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ কৰা হৈছে। ঘৰুৱা ক্ৰিকেটৰ লগতে আই পি এলতো ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহাৰ পাছত অৱশেষত জাতীয় দলৰ দ্বাৰ মুকলি হ’ল ত্ৰিপাঠীৰ বাবে। বিশেষকৈ চলিত চিজনৰ আই পি এলত ত্ৰিপাঠীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। ইয়াৰ পিছতো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত তেওঁক বাচনি নকৰাৰ বাবে বিচিচিআইক সমালোচনাৰ লক্ষ্য কৰিছিল ক্ৰিকেট অনুৰাগী সকলে।

আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত দললৈ উভতি আহিছে মধ্যক্ৰমৰ বেটাৰ সূৰ্যকুমাৰ যাদৱ। যাদৱৰ লগতে সঞ্জু চেমছনৰো দললৈ প্ৰত্যাৱৰ্তন ঘটিছে। উল্লেখ্য যে আই পি এলৰ পিছতে ঘোষিত দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় দলত চেমচনক স্থান নিদিয়াৰ বাবেও ক্ৰিকেট অনুৰাগী সকল অসন্তুষ্ট হৈছিল।

আনহাতে চলিত দক্ষিণ আফ্ৰিকা শৃংখলাত ভাৰতীয় দলৰ নেতৃত্বত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টক আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত স্থান দিয়া নাই বিচিচিআই- এ। পণ্ট এই সময়ছোৱাত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টৰ বাবে ভাৰতীয় দলৰ অংশ হিচাপে থাকিব। পণ্টৰ লগতে লোকেশ ৰাহুল আৰু শ্ৰেয়স আয়াৰকো ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলত স্থান দিয়াৰ বাবে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত উপলব্ধ নহ’ব।

চলিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা পেচাৰদ্বয় উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙকো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে দলত ৰখা হৈছে।

উল্লেখ্য যে আয়াৰলেণ্ডৰ বিৰুদ্ধে এই টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দ্বায়িত্বত থাকিব ভি ভি এচ লক্ষ্মণ। ভাৰতৰ টেষ্ট দলৰ সৈতে নিয়মীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ইংলেণ্ড ভ্ৰমণত ব্যস্ত থাকিব বাবে লক্ষ্মণক টি-২০ শৃংখলাটোত প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে। আয়াৰলেণ্ড ভ্ৰমণত ভাৰত ঘৰুৱা দল আয়াৰলেণ্ডৰ বিৰুদ্ধে ক্ৰমান্বয়ে ২৬ জুন আৰু ২৮ জুনত ডাবলিনত দুখন টি-২০ মেচত অংশ ল’ব।

ঘোষিত ভাৰতীয় দল: হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ (সহ-অধিনায়ক), ঈশান কিষণ, ৰুতুৰাজ গায়কোৱাড, সঞ্জু চেমছন, সূৰ্যকুমাৰ যাদৱ, ভেঙ্কটেশ আয়াৰ, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক (উইকেট-ৰক্ষক), যুজবেন্দ্ৰ চাহাল, অক্সৰ পেটেল, ৰবি বিষ্ণৈ, হৰ্ষল পেটেল, আভেশ খান, অৰ্শদ্বীপ সিং, উমৰান মালিক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd