ৰোহিত শৰ্মাৰ পাছত কোন হ’ব ভাৰতীয় টি-২০ দলৰ অধিনায়ক? জয় শ্বাহে দিলে ইংগিত

বিচিচিআইৰ সম্পাদক জয় শ্বাহে ৰোহিত শৰ্মাৰ ঠাইত হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় দলৰ পূৰ্ণকালীন অধিনায়ক হিচাপে স্থান লাভ কৰাৰ সম্ভাৱনাক কিছু গতি প্ৰদান কৰিছে। শনিবাৰে বাৰ্বাডছ আৰু ইউনাইটেড ষ্টেটছ অৱ আমেৰিকাত অনুষ্ঠিত টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছতে ৰোহিতে টি-২০ৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয়।

ৰোহিত আৰু টি-২০ চেটআপৰ অংশ নোহোৱাৰ বাবে বিচিচিআইয়ে টি-২০ত তেওঁলোকৰ নতুন পূৰ্ণকালীন অধিনায়ক নিৰ্বাচন কৰাৰ কাম আৰম্ভ কৰিছে। হাৰ্দিক ৰোহিতৰ পৰা দায়িত্ব লোৱাৰ চৰ্চা চলি থকাৰ সময়তে জয় শ্বাহে কয় যে নিৰ্বাচকসকলৰ সৈতে আলোচনাৰ অন্তত ৰোহিতৰ সলনি কোন অধিনায়ক হ’ব ঘোষণা কৰা হ’ব।

টি-২০ বিশ্বকাপৰ গৌৰৱৰ পাছত ভাৰতে ৬ জুলাইৰ পৰা হাৰাৰে স্প’ৰ্টছ ক্লাবত জিম্বাবুৱেৰ বিৰুদ্ধে ৫খন খেলৰ টি-২০ শৃংখলা খেলিব। তেওঁলোকৰ কেইবাজনো গুৰুত্বপূৰ্ণ খেলুৱৈয়ে খেলিব নোৱাৰাৰ বাবে দ্বিপাক্ষিক শৃংখলাত তেওঁলোকক নেতৃত্ব দিব শ্বুবমান গিলে।

জিম্বাবুৱে ভ্ৰমণৰ পাছত ভাৰতে চলিত মাহৰ শেষৰ ফালে শ্ৰীলংকা ভ্ৰমণ কৰিব যেতিয়া তেওঁলোকে ৩খন টি-২০ খেলিব। অৱশ্যে এই শৃংখলাৰ অধিনায়ক এতিয়াও নিৰ্ণয় হোৱা নাই।

হাৰ্দিকৰ কথা ক’বলৈ গ’লে ১৬খন টি-২০ত ভাৰতক অধিনায়কত্ব কৰি ১০খনত ভাৰতক জয়ৰ দিশত আগুৱাই লৈ গৈছে।হাৰ্দিকে এদিনীয়াত ৩ বাৰকৈ অধিনায়কত্ব কৰিছিল। ২০২২ চনত হাৰ্দিকে গুজৰাটৰ অধিনায়ক হিচাপেও সফলতা লাভ কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে।