NORTHEAST NOW (Assamese)

‘কোভাক্সিন’ৰ পৰীক্ষামূলক ভেকচিন গ্ৰহণ কৰাৰ এমাহৰ ভিতৰত কোভিড প’জিটিভ হাৰিয়ানৰ স্বাস্থ্য মন্ত্ৰী

December 5, 2020 12:34 pm · এন ই নাও নিউজ
অনিল বিজ

হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰী অনিল বিজৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

কোভিড প’জিটিভ অনিল বিজক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য কথাটো হৈছে যে, বিগত মাহত হাৰিয়ানৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভাৰত বায়োটেকৰ দ্বাৰা প্ৰস্তুত কৰি থকা থলুৱাভাৱে নিৰ্মিত কোভাক্সিনৰ পৰীক্ষামূলক ভেকচিন গ্ৰহণ কৰিছিল।

২০ নৱেম্বৰত আম্বালাৰ এখন চিকিৎসালয়ত অনিল বিজক কোভাক্সিনৰ ভেকচিন প্ৰদান কৰা হৈছিল।

ক’ৰ’না ভাইৰাছৰ পৰীক্ষামূলক ভেকচিন গ্ৰহণ কৰাৰ পাছতো স্বাস্থ্য মন্ত্ৰী গৰাকী কোভিড প’জিটিভ হোৱা বাতৰিয়ে সমগ্ৰ ভেকচিন নিৰ্মাণ প্ৰক্ৰিয়া আৰু ইয়াৰ গ্ৰহণযোগ্যতাৰ ওপৰত সন্দেহৰ সৃষ্টি কৰিছে।

অনিল বিজে কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ স্বেচ্ছাসেৱক হিচাপে এই ভেকচিন গ্ৰহণ কৰিছিল।

‘‘মই কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ প্ৰথমগৰাকী স্বেচ্ছাসেৱক হিচাপে এই ভেকচিন গ্ৰহণ কৰিছিলো,’’ অনিল বিজে কয়।

ভাৰত বায়োটেকে কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণত দেশৰ মুঠ ২৫ খন চহৰত ২৬০০০ লোকৰ ওপৰত পৰীক্ষামূলকভাৱে এই ভেকচিন প্ৰয়োগ কৰিছিল।

Related News