NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

January 17, 2021 4:57 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ে আজি ৩ শতাধিক সমৰ্থক সহ AJP দলত যোগদান কৰে ।

তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উপ- সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছিল হৰিনন্দ গড়ে ।

অসম চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হিচাপে বহু বছৰৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছিলে গড়ে ।

তেওঁ ৩০ ডিচেম্বৰত জিলা সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ দলত্যাগ কৰিছিল।

আজি AJPৰ ৰাজ্যিক সম্পাদক সঞ্জয় কুমাৰ দেৱৰ উপস্থিত মাৰ্ঘেৰিটা চাংলাং তিনি আলিস্থিত সঞ্জয় দেৱৰ বাসগৃহৰ সমীপতে অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত হৰিনন্দ গড়ে AJPৰ নীতি -আৰ্দশৰ প্ৰতি আকৰ্ষিত হৈ ৩ শতাধিক সমৰ্থক সহ যোগদান কৰে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে দল ত্যাগ কৰি AJP ত যোগদান কৰাৰ কথাই মাৰ্ঘেৰিটা কংগ্ৰেছত ব্যাপক জোকাৰণিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

Related News