NORTHEAST NOW (Assamese)

ছনি টিভিৰ ৰিয়েলিটি শ্ব’ ছুপাৰষ্টাৰ চিংগাৰৰ অষ্টম স্থানত হৰ্ষিত; গৃহ চহৰত বিপুল আদৰণি

September 19, 2019 7:20 pm · পার্শ্বজোতি গগৈ
শিৱসাগৰত হৰ্ষিতক উষ্ম আদৰণি। ফটো : নৰ্থইষ্ট নাও

ছনি টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰ ষ্টাৰ চিংগাৰত নিজৰ স্ব-প্ৰতিভাৰে উজলিছে অসম সন্তান হৰ্ষিত নাথ। দশম স্থানৰ পৰা উন্নীত হৈ এতিয়া হৰ্ষিতে প্ৰৱেশ কৰিছে অষ্টম স্থানত।

নিজৰ যাদুকৰী কণ্ঠৰ লগতে অসম তথা সমগ্ৰ ভাৰতবাসীয়ে ভোটিং প্ৰক্ৰিয়াৰ জড়িয়তে অষ্টম স্থানলৈ উন্নীত কৰিলে হৰ্ষিতক।

ইপিনে,হৰ্ষিত বৃহস্পতিবাৰে আহি উপস্থিত হয় বৰ্তমানৰ গৃহ জিলা শিৱসাগৰত।

মুম্বাইৰ পৰা ১২. ৩০ বজাত বিমানেৰে আহি প্ৰথমতে উপস্থিত হয় যোৰহাটত। তাৰপাছত যোৰহাটৰ পৰা আমগুৰি হৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হয়হি।

ৰংঘৰৰ সন্মুখত বিভিন্ন দল-সংগঠন তথা অনুৰাগীয়ে হৰ্ষিতক সম্বৰ্দ্ধনা জনায়।

ৰংঘৰৰ বাকৰিৰ পৰা ঐক্য সেনা অসমৰ সদস্য সকলে সমদল কৰি দ’লমুখ চাৰিআলিত থকা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত উপস্থিত হয়।

ফটো : নৰ্থইষ্ট নাও

এগচি বন্তি জ্বলাই ভূপেনদাৰ আৰ্শীবাদ লোৱাৰ লগতে সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ পৰা মৰম আৰু আৰ্শীবাদ বিচাৰে যাতে তেওঁ শীৰ্ষ স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে।

উল্লেখ্য যে ভূপেন হাজৰিকাৰ এই প্ৰতিমূৰ্তিৰ সন্মুখতেই ৪ বছৰৰ আগত হৰ্ষিতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।

দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই আয়োজন কৰা ভূপেনদাৰ মৃত্যু দিৱসত অনুষ্ঠিত গীতৰ অনুষ্ঠানত উদ্যোক্তা সকলক হৰ্ষিতে ভূপেন্দ্ৰ সংগীত এটা গাব দিবলৈ অনুৰোধ জনায় আৰু হৰ্ষিতৰ গীতে উপস্থিত সকলোকে মুগ্ধ কৰিছিল। সেই সময়ত হৰ্ষিতৰ বয়স আছিল মাত্ৰ ৪ বছৰ।

Related News