ক’ৰ’না ভাইৰাছ সৃষ্টি কৰি চীনক বিক্ৰী কৰিছিল হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে?

Coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’না ভাইৰাছৰ আতংকই পৃথিৱীজুৰি সকলোকে ভীতিগ্ৰস্ত কৰি ৰখাৰ সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’।

India Today-ৰ এক বাতৰি মতে ফে’চবুক, টুইটাৰ আৰু ৱাটছএপত প্ৰচাৰ হৈ থকা ভিডিঅ’টোত এইবুলি দাবী কৰা হৈছে যে ‘ক’ৰ’না ভাইৰাছ সৃষ্টি কৰি চীনক বিক্ৰী কৰাৰ’ বাবে হাৰ্ভাৰ্ড (Harvard) বিশ্ববিদ্যালয়ৰ ড০ চাৰ্লছ লাইবাৰ (Charles Lieber) নামৰ এগৰাকী অধ্যাপকক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে গ্ৰেপ্তাৰ কৰে।

‘মীৰা সিং’, ‘এলেক্স এলভাৰেজ’ নামৰ ফে’চবুক য়ুজাৰ দুগৰাকীয় ‘WCVB’ নামৰ এটা মাৰ্কিন নিউজ চেনেলৰ এটা ভিডিঅ’ ক্লিপিং প’ষ্ট কৰিছিল, প’ষ্টটোৰ কেপচনত লিথা আছে, ‘ক’ৰ’না ভাইৰাছ বনাই চীনক বিক্ৰী কৰা লোকজনক USA-এ এইমাত্ৰ বিচাৰি উলিয়াইছে। USA-ৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰসায়নবিজ্ঞান আৰু জীৱবিজ্ঞান বিভাগৰ মূৰব্বী ড০ চাৰ্লছ লাইবাৰ। আমৰিকাৰ চৰকাৰী সূত্ৰ মতে তেওঁক আজি গ্ৰপ্তাৰ কৰা হয়।‘

অৱশ্যে, India Today Anti Fake News War Room (AFWA)ৰ মতে ভিডিঅ’টোৰ উক্ত দাবী ভ্ৰান্তিজনক।

তেওঁলোকৰ মতে চীন চৰকাৰৰ পৰা লাভ কৰা পুঁজি সম্পৰ্কে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষক মিছা আৰু ভূল তথ্য দিয়াৰ অভিযোগতহে চাৰ্লছ লাইবাৰক ২০২০ চনৰ জানুৱাৰীত গ্ৰপ্তাৰ কৰা হৈছিল।

তেওঁৰ গ্ৰেপ্তাৰৰ সৈতে ক’ৰ’না ভাইৰাছৰ কোনো সম্পৰ্ক নাই। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চাৰ্লছ লাইবাৰ (Charles Lieber) এগৰাকী নেন’বিজ্ঞানী।

আমেৰিকাৰ প্ৰভাৱশালী সংবাদ মাধ্যমসমূহত তেওঁৰ গ্ৰেপ্তাৰৰ খবৰ প্ৰকাশ পাইছিল। The New York Timesৰ মতে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক গৰাকীৰ বিৰুদ্ধে চীনৰ পৰা লাভ কৰা পুঁজিৰ তথ্য লুকুৱাই ৰখাৰ অভিযোগ আছিল।

তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ স্পৰ্শকাতৰ তথ্য চীনক যোগান ধৰা বা চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ নাই।