কাৰ্ফিউৰ পাছত আজিৰে পৰা হাৰিয়ানাত বলৱৎ হ’ব সপ্তাহজোৰা লকডাউন

হাৰিয়ানা চৰকাৰে দেওবাৰে ঘোষণা কৰিছে যে ৩ মে’ৰ পৰা ৰাজ্যখনত সপ্তাহজোৰা লকডাউন বলৱৎ কৰা হ’ব।

ইয়াৰ পূৰ্বে, ৰাজ্যখনৰ ৯খন জিলাত ৰাতি ১০ বজাৰ পৰা পুৱা ৫ বজালৈকে এটা সপ্তাহজোৰা কাৰ্ফিউ বলৱৎ কৰা হৈছিল।

লকডাউনৰ বিষয়ে ৰাজ্যখনৰ গৃহ আৰু স্বাস্থ্যমন্ত্ৰী অনিল ভিজে এটা টুইটযোগে জনায়।

উল্লেখযোগ্য যে শনিবাৰে হাৰিয়ানাত ১২৫জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে।

বৰ্তমানলৈকে ৰাজ্যখনত ৪,৩৪১জন লোকে মহামাৰিত প্ৰাণ হেৰুৱাইছে।