• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৪২৬ ৰানৰ অপৰাজিত ইনিংছ খেলি ভাৰতীয় ক্ৰিকেটত এই অভিলেখ গঢ়িলে হাৰিয়ানাৰ যশবৰ্ধনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2024 1:07 pm
যশবৰ্ধন দালালে ভাৰতীয় ক্ৰিকেটত এক নতুন অভিলেখ গঢ়িলে। ফটোঃ সংগ্ৰহীত।

যশবৰ্ধন দালালে ভাৰতীয় ক্ৰিকেটত এক নতুন অভিলেখ গঢ়িলে। ফটোঃ সংগ্ৰহীত।

1.9k
VIEWS
Share on FacebookShare on Twitter

হাৰিয়ানাৰ যশবৰ্ধন দালালে ভাৰতীয় ক্ৰিকেটত এক নতুন অভিলেখ গঢ়ি তুলিছে। চি কে নাইডু ট্ৰফীত মুম্বাইৰ বিৰুদ্ধে ৪২৬ ৰানৰ অপৰাজিত ইনিংছ খেলিছে। তেওঁৰ বেটিঙৰ বাবে হাৰিয়ানাই ৮ উইকেটত ৭৩২ ৰান সংগ্ৰহ কৰে।

উত্তৰ প্ৰদেশৰ সমীৰ ৰিজভিয়ে যোৱা বছৰ চি কে নাইডু ট্ৰফীত ৩১২ ৰানৰ ইনিংছ খেলিছিল। সেইটোৱেই আছিল ২৩ বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাৰ ইতিহাসত এজন বেটছমেনৰ ইনিংছত সৰ্বাধিক ৰান। শনিবাৰে যশবৰ্ধনে তেওঁৰ সেই অভিলেখ ভংগ কৰে। ৪২৬ ৰানৰ অপৰাজিত ইনিংছ খেলি তেওঁ এক নতুন কৃতিত্ব অৰ্জন কৰে।

হাৰিয়ানাৰ অ’পেনাৰগৰাকীয়ে ৪৬৩টা বলৰ ইনিংছত ৪৬টা চাৰি আৰু ১২টা ছয় মাৰে। কিন্তু হাৰিয়ানাই নিজৰ ইনিংছ ঘোষণা কৰা নাছিল। সেয়ে দেওবাৰে নিজৰ ইনিংছ আৰু আগুৱাই নিয়াৰ সুযোগ পাব যুৱ বেটছমেনগৰাকীয়ে।

যশবৰ্ধনৰ এই ইনিংছৰ বাবেই মেচখনত হাৰিয়ানা ভাল স্থানত আছে। দ্বিতীয় দিনৰ শেষত মুম্বাইৰ বিৰুদ্ধে তেওঁলোকৰ স্ক’ৰ আছিল ৮ উইকেটত ৭৩২ ৰান।

হাৰিয়ানাৰ আনজন অ’পেনাৰ আৰ্শ ৰাংগাই ১৫১ ৰান সংগ্ৰহ কৰে। তেওঁৰ ৩১১টা বলৰ ইনিংছত ১৮টা চাৰি আৰু ১টা ছয় আছিল। প্ৰথম উইকেটৰ অংশীদাৰিত্বত আৰ্শ আৰু যশবৰ্ধনে ৪১০ ৰান সংগ্ৰহ কৰে। দলৰ বাকী বেটছমেনৰ কোনো এজনেও অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। মুম্বাইৰ সফল বলাৰ অথৰ্ব ভোছলেই ১৩৫ ৰানত ৫ টা উইকেট দখল কৰে। 

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd