NORTHEAST NOW (Assamese)

হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰ ক’ভিড-১৯ত আক্ৰান্ত

August 24, 2020 9:14 pm · এন ই নাও নিউজ

হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। মুখ্য মন্ত্ৰী খট্টৰে আজি সন্ধিয়া এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী গৰাকীয়ে টুইটটোত কয়, ‍‘আজি ক’ৰ’না ভাইৰাছৰ টেষ্ট কৰিছিলো, ৰিপ’ৰ্ট পজিটিভ আহিছে। যোৱা সপ্তাহত মোৰ সংস্পৰ্শলৈ অহা সহকৰ্মী আৰু সহযোগী সকলক ক’ৰ’নাৰ টেষ্ট কৰাৰ বাবে আহ্বান জনালো’।

তেওঁ লগতে তেওঁৰ আত্মীয় আৰু পৰিয়ালৰ লোকক কোৱাৰেণ্টাইনত যোৱাৰো অনুৰোধ জনায়।

উল্লেখ্য যে যোৱা সপ্তাহত কৰা টেষ্টত ক’ৰ’না ৰিপ’ৰ্ট নিগেটিভ আহিছিল মুখ্য মন্ত্ৰী খট্টৰৰ।

আনহাতে হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ জ্ঞান চন্দ্ৰ গুপ্তা আৰু বিজেপিৰ দুগৰাকী বিধায়কো আজি ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী অনিল ৱিজে জনায়।

ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী তথা বিজেপি নেতা শিৱৰাজ সিং চৌহানো ক’ভিড-১৯ত আক্ৰান্ত হৈছিল।

Related News