হাৰিয়ানা আদালতৰ গুৰুত্বপূৰ্ণ ৰায়: নিজৰ ১১ বৰ্ষীয় কন্যা সন্তান ধৰ্ষণকাৰী পিতৃক বিহিলে মৃত্যুদণ্ড

Man Gets Death Penalty For Raping Daughter

দেশত বৰ্দ্ধিত ধৰ্ষণকাণ্ডৰ সময়তে হাৰিয়ানাৰ এক আদালতে ধৰ্ষণৰ গোচৰত কঠোৰ স্থিতি গ্ৰহণ কৰি এক অনন্য নিদৰ্শন গঢ়ি তুলিছে। ৰাজ্যখনৰ ছিৰছা জিলাত নিজৰ ১১ বৰ্ষীয় কন্যা সন্তানক ধৰ্ষণ কৰাৰ অপৰাধত বৃহস্পতিবাৰে জিলা আদালতে মৃত্যুদণ্ড প্ৰদান কৰে এগৰাকী ৫৬ বছৰীয়া ব্যক্তিক।

প্ৰায় দুবছৰ পূৰ্বে ২০২০ চনৰ ২৯ ছেপ্টেম্বৰত এই ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে POCSO আইনৰ ধাৰা ৬ আৰু IPCৰ ধাৰা ৫০৬ৰ অধীনত এক গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে ফাষ্ট ট্ৰেক বিশেষ আদালতে দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

ঘটনাৰ বিষয়ে প্ৰকাশিত তথ্য অনুসৰি শ্ৰমিক হিচাপে কাম কৰা অভিযুক্তই যোৱা বৰ্ষৰ ২৬ আৰু ২৭ ছেপ্টেম্বৰৰ মাজ নিশা মদ্যপান কৰি তেওঁৰ প্ৰহাৰ কৰি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰে। সেই সময়ত ঘৰৰ বাৰাণ্ডাত শুই আছিল তেওঁলোকৰ নাবালিকা সন্তান।

পত্নীৰ ওপৰত চলোৱা নিৰ্যাতনৰ পিছতে ব্যক্তিগৰাকীয়ে বাৰাণ্ডাত শুই থকা কন্যাক নিজৰ বিচনালৈ তুলি নিয়ে আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণৰ পাছত এই বিষয়ে কাকো প্ৰকাশ নকৰিবলৈও ভাবুকি দিয়ে লম্পট ব্যক্তিগৰাকীয়ে আৰু পুৱাই ঘৰৰ পৰা ওলাই যায়।

ইফালে পুৱা ভুক্তভোগী নাবালিকা গৰাকীৰ মাতৃ ঘৰলৈ উভতি অহাৰ পিছত এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। এনে ঘৃণনীয় কাণ্ডৰ বিষয়ে জানিব পাৰি তেওঁ লগে লগে নাবালিকা কন্যাক গাঁৱৰ মুৰব্বীৰ ওচৰলৈ লৈ যায় আৰু আৰক্ষীক ফোন যোগে ঘটনাৰ বিষয়ে অৱগত কৰে।

ছিৰছাৰ জিলা অধিবক্তাই জানিবলৈ দিয়া মতে, তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্ত আৰু ভুক্তভোগী নাবালিকা গৰাকীৰ ডি এন এ নমুনা পৰীক্ষা কৰি ধৰ্ষণৰ কথা নিশ্চিত কৰে।

প্ৰকাশিত তথ্য অনুসৰি আজি আদালতে ধৰ্ষণকাৰী পিতৃক চৰম শাস্তিৰে দণ্ডিত কৰাৰ লগতে ভুক্তভোগী নাবালিকাগৰাকীক ৫ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে আদালতে ধৰ্ষণকাৰী ব্যক্তিগৰাকীক ৫০ হাজাৰ টকা জৰিমনাও বিহিছে।