• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত বৃদ্ধি পাইছে ঘৃণামূলক ভাষণৰ ঘটনা; ৭৫% ঘৃণামূলক ভাষণৰ ঘটনাই বিজেপি শাসিত ৰাজ্যত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 27, 2024 8:07 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

771
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ২০২৩ চনৰ প্ৰথম ছমাহৰ তুলনাত দ্বিতীয়াৰ্ধত মুছলমান বিৰোধী ঘৃণামূলক ভাষণ ৬২ শতাংশ বৃদ্ধি পাইছে। আমেৰিকাৰ ৱাশ্বিংটনত থকা ইণ্ডিয়া হেট লেব (আই এইচ এল) ৰিচাৰ্চ গ্ৰুপৰ প্ৰতিবেদনৰ জৰিয়তে এই কথা প্ৰকাশ পাইছে। সোমবাৰে (২৬ ফেব্ৰুৱাৰী, ২০২৪) গৱেষক গোটটোৱে কয় যে যোৱা ৩ মাহত ভাৰতত মুছলমানসকলৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ বৃদ্ধি কৰাত ইজৰাইল আৰু গাজাৰ যুদ্ধই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইণ্ডিয়া হেট লেবে সদৰী কৰা মতে ২০২৩ চনত দেশত ৬৬৮টা ঘৃণামূলক ভাষণ দিয়া হৈছিল, য’ত মুছলমানক লক্ষ্য কৰি লোৱা হৈছিল। ইয়াৰে প্ৰথম ছমাহত ২৫৫টা ঘটনা সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয়াৰ্ধত ৪১৩টা ঘটনা দেখা গৈছে।

লগতে পঢ়কঃ লণ্ডনত থকা ভাৰতীয় মূলৰ কাশ্মীৰী পণ্ডিত প্ৰবাসী অধ্যাপিকাক দেশত প্ৰৱেশ কৰাত বাধা; কাৰণ কি?

উল্লেখযোগ্য কথাটো হ’ল ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত থকা ৰাজ্যসমূহত ৭৫ শতাংশ বা ৪৯৮টা এনে ঘটনা দেখা গৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো একেটা দলৰ ফায়াৰব্ৰেণ্ড নেতা বুলি গণ্য কৰা হয়। সৰ্বাধিক মুছলমানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশত।

মুছলমানৰ বিৰুদ্ধে ক’ত আৰু কিমান ঘৃণামূলক ভাষণৰ ঘটনা লিপিবদ্ধ হৈছিল?

  • ঘৃণামূলক ভাষণৰ মুঠ গোচৰ – ৬৬৮টা

  • বিজেপি শাসিত ৰাজ্যত – ৪৫৩ টা

  • অবিজেপি শাসিত ৰাজ্যত – ১৭০ টা

  • ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত – ৩৭ টা

  • কেন্দ্ৰীয় শাসিত অঞ্চলত – ৮ টা

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কেইমাহমান আগতে অহা আই এইচ এলৰ প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈকে (এই সময়ছোৱাত পেলেষ্টাইনৰ ইছলামিক গোট হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল আৰু ইয়াৰ পিছত ইজৰাইলৰ প্ৰতিহত আক্ৰমণৰ পিছত গাজাত উত্তেজনা আৰু বিবাদ বাঢ়িছিল) ভাৰতীয় মুছলমানৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ ৪১টা ঘটনা   লিপিবদ্ধ কৰা হৈছিল আৰু এই গোচৰসমূহত যুদ্ধৰ কথা উল্লেখ কৰা হৈছিল।

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ডক ‘কেলেংকাৰী’ বুলি অভিহিত কৰিলে অৰ্থনীতিবিদ অমৰ্ত্য সেনে

গৱেষক গোটটোৱে লগতে কয় যে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ (UN)ৰ ঘৃণামূলক ভাষণৰ সংজ্ঞা ব্যৱহাৰ কৰিছিল, যিটো হ’ল: ধৰ্ম, জাতীয়তা, ৰাষ্ট্ৰীয়তা, জাতি বা লিংগকে ধৰি বৈশিষ্ট্যৰ ভিত্তিত কোনো ব্যক্তি বা গোটৰ বিৰুদ্ধে বিৰুদ্ধে যিকোনো  পক্ষপাতিত্বমূলক বা বৈষম্যমূলক ভাষাই হৈছে ঘৃণামূলক ভাষণ।

আই এইচ এলে কয় যে এই তথ্য পোহৰলৈ আহিছিল যেতিয়া তেওঁলোকে হিন্দু জাতীয়তাবাদী গোটৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰিছিল। এই সময়ছোৱাত গৱেষণা গোটটোৱে ছ’চিয়েল মিডিয়াত প্ৰকাশিত ঘৃণামূলক ভাষণৰ সৈতে জড়িত পৰীক্ষিত ভিডিঅ’সমূহ চাই আৰু বিশ্লেষণ কৰি ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পোৱা ঘটনাসমূহ সংকলিত কৰিছিল। 

Recent News

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

মে’ মাহত ইউপিআই লেনদেনে ভংগ কৰিলে অভিলেখ! ২৫.১৪ লাখ কোটি টকাৰ লেনদেনৰ তথ্য প্ৰকাশ এনপিচিআইৰ

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আই পি এল ২০২৫ সামৰণি অনুষ্ঠান: জানো আহক কেতিয়াৰ পৰা আৰম্ভ হ’ব অনুষ্ঠান, কোন হ’ব অনুষ্ঠানৰ মূল আকৰ্ষণ!

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

আৰ প্ৰজ্ঞানন্দাৰ পাছত গুকেশৰ হাতত পৰাজয়ৰ সন্মুখীন বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈ মেগনাছ কাৰ্লছন

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

কেৰালাৰ উপকূলত ডুবিল বিদেশী কণ্টেইনৰ: ৰসায়নিক বিষক্ৰিয়াৰ সৰ্তক জাৰি ৰাজ্য চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd