বিজেপিত যোগদান কৰিব নেকি গুজৰাটৰ কংগ্ৰেছ সভাপতি হাৰ্দিক পেটেলে? কি ক’লে পেটেলে?

শেহতীয়াকৈ সংঘ পৰিয়ালৰ সুৰতে সুৰ মিলাই হিন্দুত্ববাদী বক্তব্য আগবঢ়াবলৈ লোৱা গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে বিজেপিত যোগদান কৰিব নেকি তাকেলৈ বহুতৰে মাজত চৰ্চা চলি আছে।

কিছু সংখ্যক লোকে আনকি হাৰ্দিক পেটেলে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা বুলিয়েই প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে। এনে সময়তে কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে কয় যে তেওঁ দল ত্যাগ কৰা বিজেপিত যোগদান কৰাৰ খবৰ সঁচা নহয়।

তেওঁ লগতে কয় যে শেহতীয়াকৈ গেৰুৱা দলটোৱে গ্ৰহণ কৰা কেতবোৰ ৰাজনৈতিক সিদ্ধান্তক তেওঁ আদৰণিহে জনাইছে। পেটেলে কয়— ” মই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ বাতৰি দীৰ্ঘদিন ধৰি প্ৰচাৰ হৈ আহিছে। কিন্তু বৰ্তমান পৰিস্থিতিত, বিজেপিত যোগদান কৰাৰ কোনো সিদ্ধান্তই মই লোৱা নাই। মোৰ বিজেপিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই। শেহতীয়াকৈ বিজেপিয়ে লোৱা ৰাজনৈতিক সিদ্ধান্তসমূহক মই স্বাগতম জনাইছো” ।

পেটেলে এইবুলিও উল্লেখ কৰে ‘ বিৰোধীয়ে জনসাধাৰণৰ কথা চিন্তা কৰিব লাগিব। যদি আমি বিৰোধী দলৰ ভূমিকা পালনত বিফল হওঁ, মানুহে বিকল্প বিচাৰিব। আমি আমাৰ ৰণনীতি সলনি কৰিব লাগিব’।

হিন্দুত্ব সন্দৰ্ভত মন্তব্য কৰি পেটেলে কয় যে হিন্দুত্বৰ প্ৰতি তেওঁৰ আনুগত্য আছে।

হাজাৰ হাজাৰ বছৰ ধৰি হিন্দুত্বৰ সৈতে জড়িত হৈ আছোঁ বুলি কৈ পেটেলে কয়—’ মই দলৰ সৈতে মোৰ উদ্বেগৰ বিষয়বোৰ আলোচনা কৰিছো। মই আশা কৰোঁ হাইকমাণ্ডে মোৰ কথা শুনিব’।

বিজেপি দলটো গুজৰাটত শক্তিশালী হৈ আছে কিয়নো তেওঁলোকৰ সিদ্ধান্ত লোৱাৰ সামৰ্থ্য থকা নেতৃত্ব আছে বুলিও পেটেলে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বিজেপিত যোগদানৰ প্ৰসংগত তেওঁ অৱশ্যে কয় “মই বিজেপিৰ সৈতে কথা পতা নাই। মই বিজেপিৰ ভাল কথাবোৰ গ্ৰহণ কৰো। বিজেপিয়ে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিল কৰিছে, আৰু এতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ দৰে ভাল কামক আমি প্ৰশংসা কৰা উচিত”।