NORTHEAST NOW (Assamese)

দৰগাহ শ্বৰীফৰ দানপাত্ৰ ভাঙি চুৰিৰ ঘটনাক গৰিহণা; দোষীক কৰায়ত্ত কৰাৰ দাবী

October 20, 2019 6:56 am · পার্শ্বজোতি গগৈ
হজৰত আজানপীৰ দৰগাহৰ বৈধ পৰিচালনা সমিতিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

শিৱসাগৰ স’ৰাগুৰিস্থিত ঐতিহাসিক হজৰত আজানপীৰ দৰগাহৰ বৈধ পৰিচালনা সমিতিৰ উদ্যোগত শণিবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদ মেলত দৰগাহ শ্বৰীফত শেহতীয়াকৈ দানপাত্ৰ ভাঙি চোৰে বহু লক্ষ্য টকা লৈ যোৱা দুৰ্ভাগ্যজনক ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনায়।

২০১৮ বৰ্ষৰ ৭ অক্টোবৰত সম্পূৰ্ণ বৈধভাৱে এখন পৰিচালনা সমিতি গঠন হোৱাৰ পাছতে হঠাৎ কেইজনমান ব্যক্তিয়ে আন এখন পৰিচালনা সমিতি গঠন কৰি এক বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি কৰাত দৰগাহৰ কাম-কাজত বাধা আহি পৰে।

ইয়াৰ বাবে যোৱা ২০ মাহে দৰগাহৰ দানপাত্ৰত ভক্তসকলে দিয়া যথেষ্ট ধন আবদ্ধ হৈ আছিল।

দৰগাহ শ্বৰীফৰ অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বৈধ সমিতিয়ে জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই দান পাত্ৰৰ ধন প্ৰশাসনৰ জিম্মাত ল’বলৈ নিৰ্দেশ জাৰি কৰিছিল।

কিন্তু ইয়াৰ বিৰুদ্ধে দুগৰাকী তথাকথিত ব্যক্তিয়ে উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশ অনাত উপায়ুক্তৰ নিৰ্দেশ কাৰ্যকৰী নোহোৱাৰ বাবেই এই দুৰ্ভাগ্যজনক চুৰি কাণ্ড সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰে সমিতিখনে।

দৰগাহ শ্বৰীফত চুৰি কাণ্ড সংঘটিত হোৱাৰ পাছতেই এটা প্ৰতিক্ৰিয়াশীল চক্ৰই দৰগাহ পৰিচালনা সমিতিক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ অহৰহ চেষ্টা কৰি থকাৰ কথা অৱগত কৰি দুখ প্ৰকাশ কৰে বৈধ সমিতিখনে।

তদুপৰি, দৰগাহ পৰিচালনা সমিতিত ২০০৫ চনৰ পৰা সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি অহা ইনামূল হাজৰিকাই তেওঁৰ কাৰ্য্যকাল সামৰি বিগত ২০ বছৰৰ দৰগাহ পৰিচালনাৰ দিশসমুহৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে ।

উক্ত সংবাদ মেলত দৰগাহ পৰিচালনা সমিতিৰ সভাপতি পুতুল হুছেইন, ৰাণা খান, জুনু খান আৰু স’ৰাগুৰি অঞ্চলৰ কেইবাজনো ব্যক্তি উপস্থিত থাকে।

Related News